শেহতীয়া
Home / অসম / মাজুলীৰ হাতীমূৰীয়া বিলত মানৱ কংকাল উদ্ধাৰ

মাজুলীৰ হাতীমূৰীয়া বিলত মানৱ কংকাল উদ্ধাৰ

মাজুলীৰ পৰা প্ৰাঞ্জল খাউণ্ড, প্ৰথম খবৰ: মাজুলীৰ জেংৰাইমুখ থানাৰ অন্তৰ্গত হাতীমূৰীয়া বিলৰ পাৰৰ এদৰা বাঁওধানৰ মাজত এটা নৰ কংকাল উদ্ধাৰ হোৱাত মাজুলীত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে আজি প্ৰায় তিনি মাহৰ আগত মাজুলীৰ এজন মানসিক ৰোগী নিৰুদ্দেশ হৈছিল। জান মিস্তি নামৰ এই লোক জনৰ প্ৰকৃত ঘৰ কত কোনেও নাজানে , এটা সময়ত পত্নীৰ লগত মাজুলীৰ ফুলনিত ভাৰা ঘৰত জীৱন কটাইছিল যদিও ,পত্নী বিয়োগৰ পাছতে মানসিক ভাৰসাম্য হেৰুৱাইছিল জান মিস্তিয়ে । লোক জন জীয়েক -জোৱায়েকৰ লগত আছিল। কংকাল টোত থকা লংপেন্ট আৰু কামিজ টোৰ দ্বাৰা জীয়েকে চিনি পোৱাৰ পাছত নিশ্চিত হয় স্থানীয় লোক । পুলিচত খবৰ দিয়াত জেংৰাইমুখ থানাৰ পুলিচ আহি কংকালটো থানালৈ লৈ যায় আৰু মৰনোত্তৰ পৰীক্ষাৰ পাছত ঘৰত চমজাই দিয়া হব বুলি আৰক্ষী সূত্ৰই জানিবলৈ দিয়ে ।

Leave a Reply

Your email address will not be published. Required fields are marked *

*