অসমতিনিচুকীয়া

মাৰ্ঘেৰিটাত নিৰ্যাতিতা বোৱাৰীক চাইল্ড লাইনৰ দ্বাৰা উদ্ধাৰ

মাৰ্ঘেৰিটাৰ পৰা ৰাণাজ্যোতি নেওগৰ প্ৰতিবেদন, প্ৰথম খবৰ: তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ এক নাৰী নিৰ্যাতনৰ ঘটনা সংবাদ মাধ্যমৰ জৰিয়তে পোহৰলৈ অহাৰ পাছত আজি গুৱাহাটীৰ পৰা অহা চাইল্ড লাইনৰ এটা দলে নিৰ্যাতিতা বোৱাৰী গৰাকীক উদ্ধাৰ কৰে৷ মাৰ্ঘেৰিটাৰ এক নং লাজুম গাৱৰ কানাই ঘোষ আৰু ৰীতা ঘোষ নামৰ দম্পতি হালে পুত্ৰ বাবন ঘোষ আৰু তেওঁলোকৰ বিবাহিত কণ্যা তাপসীৰ সৈতে মিলি পূৰ্ণিমা নামৰ এগৰাকী বোৱাৰীক অকথ্য নিৰ্যাতন চলাই অহাৰ গুৰুতৰ অভিযোগ সন্নিবিষ্ট বাতৰি সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পাছত আজি পুৱাতে গুৱাহাটীৰ পৰা অহা চাইল্ড লাইনৰ এটা দলে বোৱাৰী গৰাকীক উদ্ধাৰ কৰে।

উল্লেখযোগ্য যে এই পৰিয়ালটোৱে ত্ৰিপুৰাৰ আগৰতলা থানাৰ অন্তৰ্গত কাঞ্চনপুৰ এলেকাৰ পূৰ্ণিমা নামৰ এগৰাকী পোন্ধৰ বছৰীয়া ছোৱালীক বোৱাৰী কৰি আনিছিল। বোৱাৰী গৰাকীৰ মাহ শালধীৰ গোন্ধ নৌ যাওঁতেই আৰম্ভ হয় স্বামী আৰু পৰিয়ালটোৰ নিৰ্যাতন ।শাৰিৰীক আৰু মানসিক ৰূপত অকথ্য নিৰ্যাতন চলাই অহা পৰিয়ালটোৰ বিশেষ কৈ মাতৃ ৰীতা ঘোষ আৰু পুত্ৰ বাবন ঘোষে বোৱাৰী গৰাকীক এক মাত্ৰ গৰ্ভধাৰণৰ পৰা বিৰত কৰি ৰখাৰ স্বাৰ্থতে জুলুম কৈ ঔষধ সেৱন কৰোৱাই তাইৰ শৰীৰৰ প্ৰতিও ভাবুকী সৃষ্টি কৰোৱাই আহিছে৷ অন্য নালাগে পৰিয়ালটোৱে যৌতুক আনি দিব নোৱাৰাৰ বাবে এই অপ্ৰাপ্তবয়স্ক বোৱাৰী গৰাকীৰ চকুত ভোট জলকীয়া পৰ্যন্ত সানি নিৰ্যাতন চলাই গৈছে।

অভিযোগ অনুসৰি বোৱাৰী গৰাকীক কোনোবাই সহায়ৰ হাত আগবঢ়াবলৈ যোৱা যেন পালেই পৰিয়ালটোৱে অশ্লীল গালি গালাজ পাৰি খেদি পঠিয়ায়।তাৰোপৰি একমাত্ৰ টকাৰ বলতেই এনে জঘন্য কাণ্ড সংঘঠিত কৰিও শাস্তি অবিহনে পৰিয়ালটোৰ সদস্য সকলে মুক্তৰূপত চলন ফুৰণ কৰি আহিবলৈ সক্ষম হৈছে।

জানিবলৈ পোৱামতে বোৱাৰী গৰাকীৰ স্বামীৰূপী বাবন ঘোষ নামৰ এই লম্পটটোৱে ইয়াৰ পুৰ্বেও দুবাৰ বিবাহপাশত আবদ্ধ হোৱা আৰু এই লম্পটটোৱে পূৰ্বৰ দুয়োগৰাকী পত্নীকে একে প্ৰক্ৰিয়াৰে যৌতুক দাবীৰ নামত শাৰিৰীক আৰু মানসিক ৰূপত অকথ্য নিৰ্যাতন চলাই খেদি পঠিওৱাৰো অভিযোগ আছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close