শেহতীয়া
Home / অসম / মিচিং সাহিত্য সভাৰ অধিৱেশন সামৰণি

মিচিং সাহিত্য সভাৰ অধিৱেশন সামৰণি

ঢকুৱাখনাপৰা পাপু বৰুৱা, প্ৰথম খবৰ: তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা  ঢকুৱাখনাৰ মাতমৰাত মিচিং সাহিত্য সভাৰ ১২ সংখ্যক বিশেষ বাৰ্ষিক অধিবেশন সামৰণি। উল্লেখ যে ২২ ডিচেম্বৰৰ পৰা ঢকুৱাখনা মাতমৰাৰ  লক্ষ্যনাথ দলে ক্ষেত্ৰত অনুষ্ঠিত হৈ থকা মিচিং সাহিত্য সভাৰ ১২ সংখ্যা বিশেষ বাৰ্ষিক অধিবেশনৰ অন্তিম দিনা পুৱাৰ ভাগত ৰাজ্যৰ বিভিন্ন প্ৰান্ততৰ পৰা অহা মিচিং ভাষা সাহিত্যৰ লেখক-লেখিকা সকলৰ মাজত অন্তৰংগ আলাপ অনুষ্ঠিত হয়।

অনুষ্ঠানটিৰ আঁত ধৰে মিচিং সাহিত্যিক বিলাশ চন্দ্ৰ দলে আৰু ডাঃ অনিল কুমাৰ পেগুৱে। ইফালে ১২ বজাৰপৰা অনুষ্ঠিত মুকলি সভাত সভাপতিত্ব কৰে মিচিং সাহিত্য সভাৰ সভাপতি গোবিন্দ টাইদে।

মিচিং সাহিত্যক ডাঃ ঘনকান্ত পেগুৱে উদ্ধোধন কৰা সভাখনিত বিভিন্ন জনজাতীয় সাহিত্য সভাৰ সভাপতি সম্পাদকসকলৰ লগতে বিভিন্ন দল সংগঠনৰ একাংশ নেতৃস্থানীয় ব্যক্তিয়েও অংশগ্ৰহণ কৰে। অধিৱেশনৰ লগত সংগতি ৰাখি-গ্ৰন্থমেলা , প্ৰদৰ্শনী, খাদ্য মেলা, কবি সন্মিলন, বিভিন্ন আলোচনা চক্ৰ, কুৰিখনৰো অধিক মিচিং ভাষাৰ প্ৰকাশ আৰু উন্মোচন কৰা হয় ।

Leave a Reply

Your email address will not be published. Required fields are marked *

*