শেহতীয়া
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / ৰাষ্ট্ৰীয় / মোদীৰ সভালৈ যোৱাৰ বাবে তিনি তালাক

মোদীৰ সভালৈ যোৱাৰ বাবে তিনি তালাক

নিউজ ডেস্ক, প্ৰথম খবৰ :
প্ৰধানমন্ত্ৰী মোদীৰ সমাৱেশত অংশগ্ৰহণ কৰাৰ অভিযোগত উত্তৰ প্ৰদেশৰ এগৰাকী মহিলাৰ সতে তেওঁৰ স্বামীয়ে বিবাহ বিচ্ছেদ ঘটাইছে। মোদী চৰকাৰে মুছলমানৰ বিতৰ্কিত বিবাহ বিচ্ছেদৰ প্ৰথা নিষিদ্ধ কৰিবলৈ সংসদত বিধেয়ক উত্থাপনৰ পৰিকল্পনা কৰা বিষয়টোত সমৰ্থন জনোৱা বাবেই ফায়েৰা নামৰ মহিলা গৰাকীৰ সতে বিবাহ বিচ্ছেদ ঘটাইছে তেওঁৰ স্বামীয়ে। আনহাতে ফায়েৰাৰ স্বামী ডেনিছে এই কথা অস্বীকাৰ কৰি কয় যে পত্নীৰে বিবাহ বিচ্ছেদ ঘটোৱাৰ সৈতে মোদীৰ সমাৱেশৰ কোনো সম্পৰ্ক নাই । ডেনিছৰ মতে তেওঁৰ পত্নী ফায়েৰাই জীনছ পৰিধান কৰি ঘৰতে বিভিন্ন অভব্য আচৰণ কৰি আহিছে । আনকি পত্নীৰ পৰিয়ালৰ তৰফৰ পৰা হত্যাৰো ভাবুকি আহিছে তেওঁলৈ।গতিকে পত্নীৰে সৈতে বিবাহ বিচ্ছেদ ঘটোৱাৰ বাহিৰে গত্যন্তৰ নাছিল ডেনিছৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *

*