সভা-সমিতি

মৰিগাওঁৰ কুশতলিত আছুৰ অধিৱেশন

লাহৰীঘাটৰপৰা শ্বামিমুল ইছলাম, প্ৰথম খবৰ: মৰিগাওঁ জিলাৰ লাহৰীঘাটৰ কুশতলিত আজি অনুষ্ঠিত হয় কুশতলি আঞ্চলিক ছাত্ৰ সন্হাৰ বাৰ্ষিক অধিবেশন। কুশতলিৰ বৰঙনি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা অধিৱেশনখনত উপস্হিত থাকে মৰিগাঁও জিলাৰ ছাত্ৰ সন্হাৰ সভাপতি মুন আলী ঠাকুৰীয়া, জিলা উপসভাপতি হিমাংশু মহন্ত, জিলা সহ সম্পাদক দিপুল নাথ,আছুৰ কেন্দ্ৰীয় কাৰ্যকৰী সদস্য নৱ কুমাৰ নাথ, মৰিগাঁও জিলা প্ৰাক্তন আছুৰ নেতা অতনু শৰ্মা, লাহৰীঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক প্ৰভাকৰ ডেকাকে ধৰি জিলাখনৰ আছুৰ বিভিন্ন কৰ্মীসকল।

আজি পুৱাৰে পৰা পতাকা উত্তোলন কাৰ্যসূচীৰে আৰম্ভ হোৱা অনুষ্ঠানটোৰ সভাপতিত্ব কৰে পাৰ্থ প্ৰতিম ফাংছুৱে। আজিৰ এই অনুষ্ঠানটোতে কুশতলিৰ আঞ্চলিক ছাত্ৰ সন্থাৰ পুৰণা কমিটী ভংগ কৰি নতুন কমিটী গঠন কৰা হয়। মুঠ ৪১ জনীয়া সদস্যৰে গঠিত হোৱা কুশতলি আঞ্চলিক ছাত্ৰ সন্থাৰ কমিটীখনত পাৰ্থ প্ৰতিম ফাংছুক সভাপতি, পাৰ্থ সাৰথি হোকাইক সম্পাদকৰ দায়িত্বভাৰ দিয়া হয়। উল্লেখ্য যে কুশতলিত অনু্ষ্ঠিত হোৱা আছুৰ এই অধিবেখনত অঞ্চলটোৰ বহু সংখ্যক ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে। এই অনুষ্ঠানটোতে মৰিগাঁও জিলাৰ আছুৰ কৰ্মকৰ্তাসকলে ছাত্ৰ ছাত্ৰীসকলৰ আগত অঞ্চলটোৰ প্ৰধান সমস্যা শিক্ষা, সংস্কৃতিৰ আদিৰ দিশত ভাষণ আগবঢ়াই।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close