অসম

মৰিগাওঁ জিলা আমছুৰ শপত গ্ৰহণ অনুষ্ঠান সম্পন্ন

লাহৰীঘাটৰ পৰা শ্বামিমুল ইছলাম, প্ৰথম খবৰ: সোমবাৰে দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচিৰে গৰৈমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গণত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছুৰ) মৰিগাঁও  জিলাৰ গৰৈমাৰী আঞ্চলিক আমছুৰ উদ্যোগত নৱ গঠিত মৰিগাওঁ জিলা সমিতিৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয়। সভাখনত সভাপতিত্ব কৰে মোস্তাক আহমেদে । উক্ত অনুষ্ঠানটোত জিলা আমছুৰ বিভিন্ন বিষয়-ববীয়া সকলৰ লগতে উপস্থিত থাকে আমছুৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি আজিজুৰ ৰহমান, উপ সভাপতি ছাইফদ্দিন আহমেদ, আইনী উপদেষ্টা মোস্তাফা খাদ্দাম হুছেইন। ৰাইজৰ উপস্থিতত ১৮ জনীয়া নৱ গঠিত কমিটিটোক শপত বাক্য পাঠ কৰাই কেন্দ্ৰীয সমিতিৰ সভাপতি আজিজুৰ ৰহমানে । নৱ গঠিত কমিটিখনে যাতে ৰাজনৈতিক দলৰ পৰা সম্পূৰ্ণৰূপে দূৰত অৱস্থান কৰি সংগঠনটোৰ গোপনীয়তা ৰক্ষা কৰি চলে তাৰ বাবে  শপত বাক্য পাঠ কৰোৱা হয়। কেন্দ্ৰীয় সভাপতি গৰাকীয়ে কয় যে বদৰুদ্দিন আজমল, তৰুণ গগৈ,  প্ৰফুল্ল কুমাৰ মহন্ত, সৰ্বানন্দ সোণোৱাল কোনোও আমাৰ সমস্যাৰ সমাধান নকৰে । আমাৰ সমস্যাৰ সমাধান আমি নিজেই কৰিব লাগিব । লগতে তেওঁ কয় যে প্ৰফুল্ল কুমাৰ মহন্ত, তৰুণ গগৈ আৰু সৰ্বানন্দ সোণোৱালে এনআৰচি  বিচৰা নাই । এন আৰ চি বিচাৰিছে একমাত্ৰ মহামান্য উচ্চতম ন্যায়ালয়ে । পঞ্চায়তৰ প্ৰমাণ পত্ৰ সম্পৰ্কে মহামান্য উচ্চতম ন্যায়ালয়ে দিয়া ৰায়দান সম্পৰ্কে বিভিন্ন ৰাজনৈতিক দল সমূহে নিজৰ প্ৰভাৱ বিস্তাৰৰ বাবে যি প্ৰচাৰ চলাই আছে তাকো সভাপতি গৰাকীয়ে চোকা সমালোচনা কৰি ভেৰিফিকেশ্বনৰ বাবে অহা বিষয়ববীয়া সকলক সহায় কৰিবলৈ ৰাইজক আহ্বান জনাই । সভাপতি গৰাকীয়ে কয় যে এন আৰ চি  ৰ সম্পূৰ্ণ প্ৰক্ৰিয়াটো মহামান্য উচ্চতম ন্যায়ালয়ৰ অধীনত হৈ আছে গতিকে এন আৰ চি ৰ পৰা কোনো প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম বাদ নপৰে । যদি কোনো প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম বাদ পৰে আমছুয়ে সেই নাগৰিকৰ হৈ আইনী যুজঁ  চলাব বুলি কেন্দ্ৰীয় সভাপতি গৰাকীয়ে সভাত মন্তব্য আগবঢ়ায়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close