অসম

যোৰহাট সাহিত্য সভাৰ শতবৰ্ষৰ সামৰণি, গ্রন্থ উন্মোচন

নিউজ ডেস্ক, প্ৰথম খবৰ: অসমৰ সাহিত্য জগতৰ বৰণ্যে ব্যক্তি হিতেশ্বৰ বৰবৰুৱা, চন্দ্ৰধৰ বৰুৱা, দুৰ্গেশ্বৰ শৰ্মা, কুলধৰ চলিহা, নীলমণি ফুকন, যতীন্দ্রনাথ গোস্বামী, মিত্ৰদেৱ মহন্ত, নকুল চন্দ্ৰ ভূঞা। অসম সাহিত্য সভাৰ প্ৰথমখন স্বীকৃত শাখা যোৰহাট সাহিত্য সভাৰ শতবৰ্ষৰ সামৰণী অনুষ্ঠানৰ কালি মুকলি সভা উদ্বোধন কৰে ড° প্রদীপ কুমাৰ বৰুৱাই। সভাৰ সভাপতি ধীৰেন্দ্ৰ কুমাৰ গগৈৰ সভাপতিত্বত অনুষ্ঠিত সভাত নির্দিষ্ট বক্তাৰূপে অংশ গ্রহণ কৰি অসম সাহিত্য সভাৰ প্রাক্তন প্রধান সম্পাদক ড° বসন্ত কুমাৰ গোস্বামীয়ে যোৰহাট সাহিত্য সভাৰ ইতিহাস সম্পর্কে অৱলোকন কৰে। সম্পাদক মৃদুল কুমাৰ বৰাই উদ্দেশ্য ব্যাখ্যা কৰা সভাত আদৰণী ভাষণ প্রদান কৰে প্রাক্তন সভাপতি ভৱ গোস্বামীয়ে।

শতবর্ষ উপলক্ষে ৰাজা চক্ৰৱতী আৰু মামণি গগৈ বিজ্ঞান লেখক সংস্থাৰ প্রাক্তন সভাপতি ড° অদিতি বেজবৰুৱাই। বিশিষ্ট অতিথিৰূপে অংশ গ্রহণ কৰি ড° নীলিমা শইকীয়া (মালিনী)-য়ে অনুবাদ সাহিত্যৰ বাবে এক আন্দোলন গঢ়ি তোলাৰ পোষকতা কৰে। কবি দীপিকা চক্ৰৱতী, উদযাপন সমিতিৰ সম্পাদক হেমন্ত কলিতা, যোৰহাট জিলা সাহিত্য সভাৰ ভাৰপ্রাপ্ত সভাপতি চন্দ্ৰ বৰুৱা প্রমুখ্যে বিভিন্নজন উপস্থিত থাকে। সভাত ড° বীণা বৰুৱাৰ ‘দেশ-বিদেশৰ সুবাস, ভৱকান্ত শতভিষাৰ প্রতি’, মৃদুল কুমাৰ কৰাৰ ‘প্রবন্ধ চয়ন” অনিমা নেওগ ‘জীৱন জিজ্ঞাসাৰ একোটি স্বৱক” উন্মোচন কৰে ক্ৰমে ড° বিপিন খঙীয়া, ড° অদিতি বেজবৰুৱা, ড° কুতুবুদ্দিন আহমেদ আৰু ড° প্ৰদীপ কুমাৰ বৰুৱাই। “চিৰ চেনেহী মোৰ ভাষা জননী’ গীতেৰে আৰম্ভ হােৱা সভাত শতবর্ষ। উপলক্ষে অনুষ্ঠিত প্রতিযোগিতাৰ বিজয়ীসকলক পুৰস্কাৰ প্ৰদান কৰে। সভাত কণমানি শিল্পী কাঞ্চন কলিতাই কৃষ্ণ নৃত্য, ৰিতু বৰদলৈ, পৰিণীতা বৰুৱাই তিৱা গীত, অষ্টমী দত্তই বৰগীত পৰিৱেশন কৰে। সামৰণী অনুষ্ঠানৰ কালি পতাকা উত্তোলন, স্মৃতি তৰ্পণ আৰু বিষয়-বাছনি অনুষ্ঠিত হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close