অসম

লংকা ৰেলৱে ষ্টেচনত পথ সংযোগী উৰণীয়া সেঁতু উদ্বোধন ৰেল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁইৰ 

লংকাৰ পৰা হিৰোৎপল শইকীয়া,প্ৰথম খবৰ:
লংকা চহৰৰ দীৰ্ঘদিনীয়া সমস্যা এতিয়া সমাধান হোৱাৰ দিশত।স্বাভাৱিকতে এই সু খবৰে উৎফুল্লিত কৰি তুলিলে লংকা বাসীক।
হোজাই জিলাৰ লংকাত আজি দিনৰ দুই বজাত ৰেলযোগে উপস্থিত হয় ৰেল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁই । ইয়াৰ পিছতেই লংকা ৰেলৱে ষ্টেচনৰ সমীপত আয়োজিত এক অনুষ্ঠানত অংশ গ্ৰহণ কৰে ৰেল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁইয়ে। উল্লেখ্য যে,লংকা বাসী ৰাইজে এখন উৰণীয়া সেঁতুৰ বাবে দীৰ্ঘ দিন ধৰি এক অসুবিধাৰ সন্মুখীন হৈ আছিল।  অৱশেষত এই দীৰ্ঘ দিনীয়া সমস্যাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিলে ৰেল বিভাগে। সোমবাৰে লংকা ৰেলৱে ষ্টেচনত পথ সংযোগী উৰণীয়া সেঁতু ৰ আধাৰশিলা আনুষ্ঠানিক ভাৱে মুকলি কৰে ৰেল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁইয়ে। লগতে মন্ত্ৰী গৰাকীয়ে লংকা ৰেলৱে ষ্টেচনতো উন্নতি কৰণৰ কথা অৱগত কৰে।  ইয়াৰোপৰি, বৃহত্তম ৰেল বিভাগটোত বৰ্তমান সময়ত চলি থকা কামৰ খাতিয়ান উপস্থিত ৰাইজৰ আগত অৱগত কৰোৱাই। লগতে বিজেপি চৰকাৰৰ কাৰ্যকালত চৰকাৰে শুভাৰম্ভ কৰা বিভিন্ন আঁচনিৰ বিষয়ে ব্যক্তব্য প্ৰকাশ কৰে। ইয়াৰোপৰি বৰ্তমান সময়ছোৱাত বিজেপি চৰকাৰ খনে দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰা কথা কয় |অনুষ্ঠানৰ শেষত সাংবাদিকৰে সৈতে হোৱো এক আচুতীয়া সক্ষাৎকাৰত সাংবাদিকে লংকা ৰেলৱে ষ্টেচনত পাৰ্কিংৰ নামত চলি থকা দূৰ্নীতিৰ সন্দৰ্ভত প্ৰশ্ন কৰাত এই বিষয়ে তদন্ত কৰা হব বুলি কয়। লগতে হিমন্ত বিশ্ব শৰ্মাক দিয়া ভাবুকি দুৰ্ভাগ্যজনক বুলি আখ্যা দিয়াৰ লগতে দোষীক উচিত শাস্তি প্ৰদানৰ কথা কয়।
আজিৰ এই অনুষ্ঠানত ৰেল ৰাজ্য মন্ত্ৰী গৰাকীক সংগ দিয়ে হোজাই আৰু লামডিং সমষ্টিৰ দুই বিধায়ক ক্ৰমে শিলাদিত্য দেৱ,শিবু মিশ্ৰ আৰু নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close