শেহতীয়া
Home / অসম / লাওখোৱা অভয়াৰণ্যত নতুনকৈ চাৰিটা ঢেকীয়াপতিয়া বাঘৰ অাগমন

লাওখোৱা অভয়াৰণ্যত নতুনকৈ চাৰিটা ঢেকীয়াপতিয়া বাঘৰ অাগমন

নগাঁওৰ পৰা ৱাহিদুদ জামান, প্ৰথম খবৰ : শৰতৰ কালৰ পিছতেই শীতৰ প্ৰকোপৰ লগে লগে জাকে জাকে পৰিভ্ৰমী পক্ষীৰ অাগমন ঘটিছে লাওখোৱা অভয়াৰণ্যৰ বিভিন্ন জলাশয়ত। অভয়াৰণ্যখনৰ যি ফালেই চোৱা যায় বিভিন্ন পখীৰ কোলাহলে এতিয়া প্ৰকৃতিৰ শোভাবৰ্ধনৰ কৰাৰ লগতে মধুৰ গুঞ্জনৰ সৃষ্টি কৰিছে চৌদিশ। যাৰ বাবে এই অভয়াৰণ্যৰ এই নৈসৰ্গিক পৰিৱেশে এতিয়া মন্ত্ৰমুগ্ধ কৰি তুলিছে প্ৰকৃতিপ্ৰেমীসকলক। লাওখোৱাৰ সমগ্ৰ এলেকা বিভিন্ন পশু পক্ষীৰ নিৰাপদ অাৱাসস্থল হোৱাৰ বাবেই বছৰি অাগমন ঘটিছে বিভিন্ন পৰিভ্ৰমী চৰাই । পশু পক্ষীৰ লগতে বাঘৰো এক উপযুক্ত অাশ্ৰয় স্থল হিচাপে পৰিগনিত হৈছে লাওখোৱা অভয়াৰণ্য । আজি জুৰীয়াৰ পৰা যোৱা একাংশ সাংবাদিকৰ ভ্ৰমণ কালত অভয়াৰণ্যখনৰ চি চি কেমেৰাত ধৰা পৰিছে কেইবাটাও ঢেকীয়াপটীয়া বাঘৰ বিচৰনৰ ফুটেজ। বিশেষকৈ বন বিভাগৰ বিষয়া কৰ্মীৰ দায়িত্ব অাৰু কৰ্তব্য পৰায়নতাৰ বাৱেই পশু পক্ষীৰ নিৰাপদ স্থান হৈ পৰিছে অভয়াৰণ্য খন ।ৰাজ্য চৰকাৰৰ বন বিভাগে বিশেষ গুৰুত্ব দিলে বিভিন্ন পশু পক্ষীৰ বাবে পৰ্যাপ্ত খাদ্যৰে ভৰা অভয়াৰণ্যখনে ৰাজ্যৰ পৰ্যটন উদ্যোগ ক্ষেত্ৰত বিশেষ অৰিহনা অাগবঢ়া।

Leave a Reply

Your email address will not be published. Required fields are marked *

*