অসম

লাওখোৱা প্ৰাথমিক শিক্ষা খণ্ডত বিনামূলীয়া পাঠ্যপুথি বিতৰণৰ শুভাৰম্ভ

প্ৰথম খবৰ,ৰূপহীহাট:২০১৮ নতুন শিক্ষা বৰ্ষৰ প্ৰথম জানুৱাৰীৰ পৰা লাওখোৱা শিক্ষা খণ্ডৰ অন্তৰ্গত প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়সমূহত যাতে পাঠদান কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি শিঙিমাৰী মহম্মদ আলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিনামূলীয়া পাঠ্যপুথি বিতৰণ কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। লাওখোৱা প্ৰাথমিক শিক্ষাখণ্ডৰ বিষয়া গ্ৰন্থম শইকীয়াৰ সঞ্চালনাত অনুষ্ঠিত সভাখনত উদ্দেশ্য ব্যাখ্যা কৰে এম আই এছ আকমল উদ্দিন আহমেদে। সভাত চামগুৰি ডাইটৰ প্ৰশিক্ষক পৰাগ বৰাই পাঠ্যপুথি সময়মতে বিতৰণ কৰাৰ সন্দৰ্ভত শিক্ষকৰ পাঠদান কৰা আৰু শিক্ষাৰ্থীৰ পাঠ গ্ৰহণত হ’ব লগা সুবিধাৰ বিষয়ে গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে। লাওখোৱা প্ৰাথমিক শিক্ষাখণ্ডৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক দিলদাৰ হুছেইনেও নিজৰ চমু ভাষণত শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ লগে লগে ছাত্ৰ-ছাত্ৰীয়ে কিতাপ পালে অধ্যয়ন সুবিধা পাব বুলি কয়। লগতে ৰাজ্যৰ শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ছাত্ৰ-ছাত্ৰীৰ গুৰুত্ব বুজি সুকলমে পাঠ্য পুথি যোগানৰ ব্যৱস্থা কৰাৰ বাবে শিক্ষামন্ত্ৰী গৰাকীৰো প্ৰশংসা কৰে।  অথিতিসকলৰ ভাষণৰ পাছতে পাঠ্যপুথিসমূহ বিতৰণ কাৰ্যসূচী আৰম্ভ হয়। সভাখনত শিঙিমাৰী মহম্মদ আলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মা,নগাঁও জিলা শিক্ষক সন্থাৰ প্ৰাক্তন সভাপতি ইব্ৰাহিম আলী,লাওখোৱা প্ৰাথমিক শিক্ষা খণ্ডৰ প্ৰাক্তন এ বি আৰ চি চি এ কে ফজল আহমেদৰ লগতে সদস্যসকলৰ উপস্থিতিত বিভিন্ন বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলৰ মাজত আনুষ্ঠানিকভাৱে পাঠ্যপুথি বিতৰণ কৰে।  পাঠ্যুপুথিসমূহ বিতৰণ কৰে পৰাগ বৰুৱা,গ্ৰন্থম শইকীয়া আৰু দিলদাৰ হুছেইন আদিয়ে।

Related Articles

Leave a Reply

Close