অসম

শিমলুগুৰিত আমন্ত্ৰণমূলক ফুটবল প্ৰীতি খেলত মৰাণ শিল্পী সমাজ জয়ী

শিমলুগুৰিৰপৰা নেকিবুল হক,প্ৰথম খবৰ:সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ,অসমৰ শিমলুগুৰি আঞ্চলিক সমিতিৰ উদ্যোগত তথা বৃহত্তৰ বাঁহগড়ীয়া ৰাইজৰ সহযোগত বাঁহগড় ৰাজহুৱা খেলপথাৰত কালিৰে পৰা আৰম্ভ হোৱা ভূপেন বড়া আৰু গুনকান্ত বড়া সোঁৱৰণী আমন্ত্ৰণমূলক ফুটবল প্ৰতিযোগিতাৰ আজি এখন প্ৰীতিমূলক খেল অনুষ্ঠিত হয়। শিমলুগুৰি নাজিৰা সাংবাদিক একাদশ আৰু মৰাণ শিল্পী সমাজৰ মাজত অনুষ্ঠিত হৱা প্ৰীতিমূলক খেলখনত মৰাণ শিল্পী সমাজ একাদশে ৩-১ গলত বিজয়ী হয়। উত্তেজনাপূৰ্ণ খেলখনত শিল্পী নীল আকাশ,কুসুম কৈলাস, মানস বুঢ়াগোঁহাই,কৃষ্ণৰাজৰ লগতে ভালেকেইজন জনপ্ৰিয় শিল্পী লগতে নাজিৰা শিমলুগুৰিৰ জেষ্ঠ সাংবাদিক দিগন্ত বৰগোঁহাই,অনন্ত কলিতা,নৱ বুঢ়াগোঁহাই মুন শইকীয়াৰ লগতে অন্য সাংবাদিক খেলুৱৈয়ে দৰ্শকক আমোদ দিয়ে। খেলৰ অন্তত অনুষ্ঠিত অনুষ্ঠানত জনপ্ৰিয় কেইবাগৰাকী শিল্পীয়ে গীত পৰিবেশন কৰি দৰ্শকক আপ্লুত কৰে। সম্পাদক দিগন্ত সন্দিকৈয়ে আঁত ধৰা অনুষ্ঠানত সংগ্ৰামী যুৱ ছাত্ৰৰ সভাপতি দেৱজিত দত্ত,উৎপল কোঁৱৰ উপস্থিত থাকে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close