অসম

শিলঘাট-ধিঙত দুষ্প্ৰাপ্য ‘শিহু’- জলচৰ প্ৰাণীৰ প্ৰতি ভাবুকি 

প্ৰথম খবৰ, নগাঁ‌ও: মহাবাহু ব্ৰহ্মপুত্ৰ নদৰ পানী ঘোলাময় সদৃশ হৈ পৰাত সৰ্বসাধাৰণ ৰাইজৰ মাজত এক উদ্বেগজনক পৰিবেশ বিৰাজ কৰা পৰিলক্ষিত হৈছে। এই ঘোলাময় সদৃশ পানী সম্প্ৰতি বিষাক্ত হৈ পৰাৰ খবৰ বিয়পি পৰাত বিশেষকৈ নৈপৰীয়া ৰাইজৰ মাজত এক প্ৰকাৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। জানিব পৰা মতে, চিয়াং নৈৰ পানী চীনত নিৰ্মাণ কৰা এক সুৰংগত ব্যৱহাৰ কৰা মুলত চিমেণ্ট জাতীয় সামগ্ৰীৰ বাবেই ঘোলাময় সদৃশ হৈ পৰিছে। এই ঘোলাময় পানী ব্ৰহ্মপুত্ৰত পৰাৰ ফলত নদীখনৰ পানী ক্ৰমান্বয়ে প্ৰদূষিত হৈ পৰিছে। যাৰ বাবেই এতিয়া নদীখনৰ পাৰত বসবাস কৰা ৰাইজে জল সংকটত ভূগিব লগা হৈছে। কিয়নো এই ব্ৰহ্মপুত্ৰৰ পানী স্থানীয় ৰাইজে গা ধোৱাৰ পৰা আৰম্ভ কৰি বিভিন্ন কামত ব্যৱহাৰ কৰি আহিছে। আনকি একাংশ লোকে এই পানী দীৰ্ঘদিন ধৰি সেৱন কৰি অহাৰ ওপৰিও ঘৰচীয়া প্ৰাণীৰ লগতে বিভিন্ন জীৱ জন্তুয়ে সেৱন কৰিও আহিছে। এইদৰে হঠাৎ পানী প্ৰদূষিত হৈ পৰাৰ ফলত ব্ৰহ্মপুত্ৰৰ সংলগ্ন ৰাজ্যখনৰ বিভিন্ন ঠাইৰ লগতে নগাঁও জিলাৰ শিলঘাটৰ পৰা ধিঙলৈ এক বিস্তৃৰ্ণ নৈপৰীয়া এলেকাৰ লোক ক্ষতিগ্ৰস্ত হৈছে। এই অংশৰ বিভিন্ন ঠাইত মৎসৰ লগতে অন্যান্য জলচৰ প্ৰাণীৰ জীৱনৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে। ইতিমধ্যে শিলঘাট অঞ্চলত মাছ মৰিছে বুলি জানিবপৰা গৈছে। ইয়াৰ ওপৰিও অঞ্চলটোৰ ৰবৰবাৰী এলেকাত এই ঘোলাময় তথা প্ৰদূষিত পানী সেৱন কৰাৰ ফলত ঘৰচীয়া জীৱ জন্তু বিভিন্ন বেমাৰত আক্ৰান্ত হৈ পৰাৰ বাতৰি পোৱা গৈছে। উল্লেখ্য, শিলঘাটৰ ত্ৰিশূলদাৰী এলেকাৰ ব্ৰহ্মপুত্ৰৰ অংশত দূষ্প্ৰাপ্য প্ৰাণী “শিহু”ৰ উপযুক্ত বাসস্থান। এইদৰে ব্ৰহ্মপুত্ৰৰ পানী ঘোলাময় হোৱাত এই প্ৰাণী বিধৰ প্ৰতিও ভাবুকিৰ সৃষ্টি হৈছে। আনহাতে,শিলঘাটকে ধৰি বিভিন্ন নৈপৰীয়া দৰিদ্ৰ একাংশ লোকে মাছ ধৰি নিজৰ জীৱিকা নিৰ্বাহ কৰি আহিছে যদিও এতিয়া এইসকল লোকো নিজৰ জীৱিকাক লৈ বিপাঙত পৰিছে। এই ক্ষেত্ৰত চৰকাৰ-প্ৰশাসনে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষ্যনীয় হ’ব।

Related Articles

Leave a Reply

Close