অসম

শিৱসাগৰত আবকাৰী অভিযান:৭৩ জন গ্ৰেপ্তাৰ 

প্ৰথম খবৰ, শিৱসাগৰ : শিৱসাগৰ সদৰ আবকাৰী বিভাগে বিগত নৱেম্বৰ মাহটোত ধাৰাবাহিকভাৱে মুঠ ১৪ বাৰ অভিযান চলাই ৮৭টা গোছৰ ৰুজু কৰি ৭৩ জন আছামীক গ্ৰেপ্তাৰ কৰে। এই অভিযানত মুঠ ২৯১৫ লিটাৰ চুলাই মদৰ পাছ, ১১টা সজুলি,১৭৪ লিটাৰ চুলাই মদ, ৩৫.৭১০ লিটাৰ বিলাতী মদ, ১৬.৩০০ লিটাৰ বিয়েৰ,১১০ লিটাৰ লাওপানী,৩৮০ লিটাৰ ইষ্পিট,৩৬৬ লিটাৰ দেশীয় মহলৰ মদ জব্দ কৰি নমূনা ৰাখি নষ্ট কৰে। এই অভিযানত জয়সাগৰ এলেকা,ভটিয়াপাৰ ৰূপহীমুখ,বলিয়া ঘাট, দৰিকাপাৰ নাওযান, ডিমৌ এলেকা,বেতবাৰী এলেকা,যমুনাৰ’ড,মগৰাহাট চেতিয়া গাওঁ , শিৱসাগৰ নগৰ এলেকা,মানকটা,তিনিকুৰীয়া, বকতা নেমুগুৰী,শিমলুতল,জয়ৰাপাৰ, গজালি , হাঁহচৰা এলেকা, চেৰেকাপাৰ, নিতাইপুখুৰী আদি অঞ্চল সমুহত অবৈধ ভাবে চলাই থকা মদ ব্যৱসায়ৰ ঘাটি উচ্ছেদ কৰে। অভিযানত মুঠ ১৬৩ টা গোছৰ ৰুজু কৰি আদালতলৈ পঠোৱা হৈছে আৰু ৭৯টা গোচৰ আদালতে জৰিমনা বিহা হৈছে বুলি শিৱসাগৰ জিলা জনসংযোগ বিষয়াই জানিবলৈ দিছে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close