সভা-সমিতি

শিৱসাগৰ মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সতীৰ্থ সন্মিলন

প্ৰথম খবৰ, শিৱসাগৰ: শিৱসাগৰৰ ঐতিহাসিক জয়সাগৰ পুখুৰী পাৰত ১৯৪৮ চনতে স্থাপিত হোৱা শিৱসাগৰ মহাবিদ্যালয়ত আজিৰেপৰা আৰম্ভ হৈছে প্ৰাক্তন সতীৰ্থ মহা সন্মিলন। পুৱাতে মহাবিদ্যালয়খন প্ৰথম অৱস্থাত শিৱসাগৰ চহৰৰ মাজত অৱস্থিত কালিপ্ৰসাদ চলিহা মেমৰিয়েল হলত বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচী শুভাৰম্ভ কৰে শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ দিপালী চলিহা, মহাবিদ্যালয়খনৰ উপাধ্যক্ষ শিৱ সিংহ কোঁৱৰ, শিৱসাগৰ জিলা সাংবাদিক সন্থাৰ সভাপতি তথা সন্মিলন উদযাপন সমিতিৰ উপ সভাপতি সোমেশ ডেকাই।

মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ পদ্মধৰ চলিহা আৰু মহাবিদ্যালয়খনক উন্নতিৰ শীৰ্ষত অৱস্থান কৰোৱ অন্যতম অধ্যক্ষ পৰাগধৰ চলিহাৰ প্ৰতিচ্ছবিত মাল্যৰ্পণেৰে স্মৃতি তৰ্পণ কৰে মহাবিদ্যালয়খনৰ প্ৰাক্তন অধ্যক্ষ ডঃ প্ৰকাশ কটকীয়ে। শিৱসাগৰ মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰে অধ্যক্ষ ডঃ প্ৰফুল্ল কলিতাই , শ্বহীদ তৰ্পণ কৰে প্ৰক্তন অধ্যক্ষ প্ৰদীপ বৰঠাকুৰে।

ইয়াৰ পাছতে সুচিত্ৰা কৰে সম্পাদন কৰা শিৱসাগৰ মহাবিদ্যালয়ৰ ইতিবৃত্ত উন্মোচন কৰে প্ৰাক্তন ছাত্ৰ মহেন্দ্ৰ আহোমে। সম্বর্ধনা অনুষ্ঠানত প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ দ্বাৰা অৱসৰপ্ৰাপ্ত শিক্ষাগুৰু উদ্দেশ্যি স্বৰচিত সমবেত সংগীত পৰিবেশনৰ পাছতে মহাবিদ্যালয়খনৰপৰা অৱসৰ গ্ৰহণ কৰা প্ৰায় অৰ্ধশতাধিক শিক্ষাগুৰু , কৰ্মচাৰী সম্বর্ধনা জ্ঞাপন কৰে। সতীৰ্থ সন্মিলনত ন পুৰণি ছাত্ৰ ছাত্ৰীৰ মিলনত অতীত ৰোমন্থনেৰে সকলো নষ্টালজিক হৈ পৰে। সন্ধ্যা মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰসকলৰ দ্বাৰা এক সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close