মহিলাযুৱশীৰ্ষ

শীতত সুস্থ হৈ থাকিবলৈ কি কৰিব?

নিলোফা ৰহমান

শীতে আমাৰ জীৱনলৈ আনে মিঠা আমেজ। শীত বুলিলেই মনলৈ আহে এক সুন্দৰ অনুভৱ। কিন্তু শীতৰ এই সময়ছোৱাত শৰীৰত বিভিন্ন সমস্যাই দেখা দিয়ে । গতিকে শৰীৰটো সুস্থ কৰি ৰাখিবলৈ হ’লে খোৱা-লোৱাৰ ওপৰত বিশেষ গুৰুত্ব দিব লাগে। শীতৰ এই সময়খিনিত বতৰৰ ফলমূল, সেউজীয়া শাক-পাচলি আদি বেছিকৈ খাব লাগে।

শীতত সুস্থ হৈ থাকিবলৈ কেইটামান টিপছ-

  1. অধিক মছলা বা তেলযুক্ত খাদ্য নাখাব। পানী, শাক, টেঙা বেছিকৈ খাব।
  2. ফলৰ ৰস, ছালাড খাব লাগে আৰু লগতে ভিটামিন ‘চি’ যুক্ত আহাৰ প্ৰচুৰ পৰিমাণে খোৱা উচিত।
  3. শীত যিমানে নহওক কিয় ,পৰিষ্কাৰ-পৰিচ্ছন্ন হৈ থাকিব লাগে। শীতকালত ঠাণ্ডাৰ বাবে গা নোধোৱাকৈ থাকিব নালাগে ই ছালৰ ক্ষতি কৰে।
  4. আপোনাৰ মনৰ সতেজতা আৰু দেহৰ সুন্দৰতা অটুট ৰাখিবলৈ এই সময়খিনিত শাৰীৰিক পৰিশ্ৰম আৰু ব্যায়ামৰ মাত্ৰা বঢ়াই দিব লাগে।
  5. শীতৰ প্ৰকোপ বাঢ়ি অহাত মানুহৰ ছাল-চুলি শুকান হয়। সেইবাবে শীতত ছালখনত ময়শ্চৰাইজাৰ ক’ল্ড ক্ৰীম লগাই ৰাখিব লাগে। আৰু চুলিখিনি সুন্দৰ কৈ ৰাখিবলৈ হ’লে ঘৰতে তৈয়াৰ কৰা কণ্ডিশ্যনাৰ এটা কণী , দুই চামুচ নাৰিকল তেল,দৈ মিহলাই চুলিত লগাব।
  6. বহুতে ঠাণ্ডাৰ কাৰণে গৰম কফি বা চাহ খাই ভালপায়। কিন্তু চাহ বা কফি বেছিকৈ খালে ই উপকাৰতকৈ অপকাৰহে কৰে। 

ছালৰ লগতে শৰীৰটো নিৰোগী কৰি ৰখাৰ বাবে নিতৌ অন্ততঃ ৮ ঘণ্টা শুব লাগে। ৮-১২ গিলাচ পানী খাব লাগে আৰু ব্যায়াম কৰিব লাগে। কাৰণ আপোনাৰ স্বাস্থ্য আপোনাৰ হাতত।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close