অসম

সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সংবাদমেল

মংগলদৈ/দেওমৰণৈ,প্ৰথম খবৰ:সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সংবাদমেল কুৰুৱা ফুহুৰাতলিৰ ভুমি বেদখল সম্পৰ্কত সদৌ দৰং জিলা ছাত্ৰ সন্থাই আজি মংগলদৈ শ্বহীদ ভৱনত সংবাদমেল আয়োজন কৰে। দৰং জিলাৰ ছিপাঝাৰ বিধান সভা সমষ্টিৰ কুৰুৱা ফুহুৰাতলিত অবৈধ ভূমি বেদখল উচ্ছেদ কৰিবলৈ চৰকাৰ প্ৰশাসনক আহ্বান জনায়।

সংবাদমেলত দৰং আছুই উল্লেখ কুৰুৱা ভুমি উচ্ছেদক লৈ চৰকাৰ প্ৰশাসনৰ এয়া নাটক বুলি কয়।  ভুমি উচ্ছেদিত ঠাইসমুহত আকৌ নতুনকৈ ঘৰ স্থাপন কৰাক লৈ দৰং,আছু সৰৱ হৈ উঠিছে।  লগতে সন্দেহযুক্ত লোকৰ হাতত খিলঞ্জীয়া কৃষক আনন্দ দাসৰ হত্যাকাৰীক চিনাক্ত কৰি কঠোৰ শাস্তি দিয়া আৰু আনন্দ দাসৰ পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ দাবী জনায়।

সংবাদমেলত উপস্থিত থাকে সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সভাপতি খনীন্দ্র ৰাজবংশী,ৰাজ্যিক কাৰ্য্যনিৰ্বাহক অৰূপ কলিতা,উপসভাপতি নিৰঞ্জন শইকীয়া,সাধাৰণ সম্পাদক পৰাগ কুমাৰ সহকাৰী সম্পাদক পৰেশ চহৰীয়া,মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দিলীপ ডেকা,আন্তঃমংগলদৈ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সত্যৰঞ্জন ডেকাৰ লগতে বিভিন্ন বিষয়ববীয়া সকল থাকে। দৰং আছুই পৰিবৰ্তনকামী চৰকাৰক অনতিপলমে অবৈধ বেদখল ভূমি উচ্ছেদ কৰি সেই ঠাইত চৰকাৰীভাৱে সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ দাবী জনায়। সংবাদমেলত দৰং আছুৱে জিলাখনৰ বিভিন্ন ঠাই সমূহত বেদখল হৈ থকা ভুমি সমূহ উচ্ছেদ কৰিবলৈ চৰকাৰ প্ৰশাসনক আহ্বান জনায়।

Related Articles

Leave a Reply

Close