শেহতীয়া
Home / অসম / সন্দেহযুক্ত উগ্ৰপন্থীৰ গুলিবৰ্ষণ, আহত ২

সন্দেহযুক্ত উগ্ৰপন্থীৰ গুলিবৰ্ষণ, আহত ২

ডিগবৈ পৰা মনোৰঞ্জন দাস, প্ৰথম খবৰ: তিনিচুকীয়া জিলাৰ বৰডুমচা থানাৰ অন্তৰ্গত কৈলাশপুৰত পঞ্চায়তৰ হিমলুগুৰীত সোণজানত সন্দেহযুক্ত উগ্ৰপন্থীৰ গুলীত দুজনকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। অন্তেস্বৰ মহন্ত(৩৭) আৰু তেওঁৰ পুত্ৰ কৰুণ মহন্ত (১৯) গুলিবিদ্ধ হৈ ততাতিয়াকৈ দুয়োকে চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। জানিব পৰা মতে, দুয়োজন বৰ্তমান সংকটজনক।

কিছুদিন পূৰ্বে আলফা ( স্বাধীন) ৰ এটা দলে কোণা পথাৰ এম বি কে চাহ বাগিচাতো ধাৰাসাৰ গুলীবৰ্ষণ কৰিছিল। ইয়াৰ পাছতে অঞ্চলটোত সেনা তথা অৰ্ধসামৰিক বাহিনীয়ে ব্যাপক অভিযান চলাইছিল। ইয়াৰ মাজতে সন্দেহযুক্ত উগ্ৰপন্থীয়ে কি কাৰণত গুলিবৰ্ষণ কৰিলে সেইয়া বৰ্তমানলৈকে জানিব পৰা হোৱা নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *

*