শেহতীয়া
Home / অসম / সমস্যাৰ গ্ৰাসত ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ চানাপথাৰ-পিপৰাঝাৰ অঞ্চলঃকাণসাৰ নাই জন প্ৰতিনিধিৰ

সমস্যাৰ গ্ৰাসত ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ চানাপথাৰ-পিপৰাঝাৰ অঞ্চলঃকাণসাৰ নাই জন প্ৰতিনিধিৰ

কৃষ্ণাইৰপৰা কন্দৰ্প কুমাৰ দেৱ নাথ, প্ৰথম খবৰ:স্বাধীনতাৰ ৭০ বছৰ পাছতো গোৱালপাৰা জিলাৰ ৩৬ নম্বৰ দুধনৈ বিধান সভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন অঞ্চল আজিও এশ এবুৰি সমস্যাৰ গ্ৰাসত পিষ্ট হৈ থকা পৰিলক্ষিত হৈছে।  উদাহৰণ স্বৰূপে,কৃষ্ণাই উন্নয়ণ খণ্ডৰ অন্তৰ্গত ডিৰ্মা জাখিলী গাওঁ পঞ্চায়তৰ অধীনস্থ চানাপথাৰ গাওঁখনৰ কথাকে ক’ব পাৰি৷ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ  গাতে লাগি থকা ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদ এলেকাধীন চানাপথাৰ গাওঁখনত আজি একবিংশ শতিকাতো পৰা নাই বিজুলীবাতিৰ পোহৰ। অন্যান্য পিছ পৰা শ্ৰেণীৰ অন্তৰ্ভুক্ত বৰ্মন উপাধিৰ প্ৰায় এশটা পৰিয়াল বসবাস কৰা চানাপথাৰত অদ্যপি বিশুদ্ধ খোৱাপানীৰ কোনো সা-সুবিধা নাই। বহুদিন আগতে পঞ্চায়তে যোগান ধৰা দমকল দুটাও সম্প্ৰতি বিকল। বাট পথৰ অৱস্থাও তথৈবচ। বনৰীয়া হাতীৰ সন্ত্ৰাসত দিশহাৰা চানাপথাৰ বাসীয়ে আজিৰ এই আধুনিক যুগতো এক প্ৰকাৰ প্ৰাকৃতিক পৰিবেশতে জীৱন নিৰ্বাহ কৰিব লগীয়া হৈছে৷ অভিযোগ মতে, ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ কোনো উন্নয়ণ মূলক আঁচনিয়ে সামৰি নোলোৱা চানাপথাৰ গাওঁখনৰ প্ৰতি দুধনৈ সমষ্টিৰ বিধায়ক জনো যেন চূড়ান্ত ভাবে উদাসীন৷ নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতিৰ বাহিৰে চানাপথাৰ বাসীয়ে বিজেপিৰ বিধায়ক জনৰ পৰা বৰ্তমানলৈ একো সুফল লাভ কৰিবলৈ সক্ষম হোৱা নাই বুলি ৰাইজে অভিযোগ কৰে৷ ইফালে ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাৰ প্ৰতিও তীব্ৰ ক্ষোভ ব্যক্ত কৰিছে স্থানীয় ৰাইজে৷ ক্ষোভিত ৰাইজে অভিযোগ কৰি কয় যে,সুযোগ পালেই উন্নয়নৰ ভাষণ প্ৰদান কৰা মুখ্য কাৰ্যবাহী টংকেশ্বৰ ৰাভাই চানাপথাৰৰ দৰে সমস্যাৰ হাতোৰাত বন্দী হৈ থকা গাওঁবোৰৰ খবৰ কিয় নলয় সেয়া আজিও ৰহস্যৰ আবৰ্তত ৷ আন নালাগে চানাপথাৰৰ দুখীয়া পৰিয়ালৰ বয়োজ্যষ্ঠ ব্যক্তি সকলে আজিলৈকে বৃদ্ধ পেঞ্চন এটাৰ বাবেও হামৰাও কাৰি থাকিব লগীয়াটো সঁচাই পৰিতাপৰ কথা। চানাপথাৰৰ বহু বুঢ়া-বুঢ়ীয়ে সামান্য বৃদ্ধ পেঞ্চন এটিৰ বাবে সপোন দেখিয়ে সিপুৰী পালে। এয়া সঁচাই চিন্তনীয় বিষয়৷ একেই সমস্যা পিপৰাঝাৰ বাসীৰ। দুধনৈ বিধান সভা সমষ্টিৰ অন্তৰ্গত পিপৰাঝাৰ গাৱঁৰ ৰাইজেও নিৰ্বাচনৰ পূৰ্বে লাভ কৰা প্ৰতিশ্ৰুতিৰ বাহিৰে আজিলৈ একো এটা পাবলৈ সক্ষম নহ’ল৷ চৰকাৰ আহিল আৰু গ’ল কিন্তু পিপৰাঝাৰ গাঁৱত নহ’ল বাট-পথ,নহ’ল খোৱা পানীৰ পৰ্যাপ্ত সুবিধা৷ মাত্ৰ কেইটা মান দমকল যোগান ধৰিয়ে দায়িত্ব সামৰা জন প্ৰতিনিধিৰ ওচৰত বহু আবেদন নিবেদন কৰিলে যদিও আজিলৈ একো সুফল নাপালে এই গাওঁখনৰ বাসিন্দাই। দেশে স্বাধীনতা লাভ কৰাৰ ৭০ বছৰ পাৰ হোৱাৰ পিছতো পিপৰাঝাৰ গাৱঁৰ বহু লোকে অদ্যপি কেঁচা কুৱাঁৰ পানী খাব লগা হোৱাটো সঁচাই পৰিতাপৰ কথা। এতিয়া প্ৰশ্ন হয় চানাপথাৰ, পিপৰাঝাৰ গাৱঁৰ দৰে সমস্যাবহুল অঞ্চলবোৰৰ প্ৰতি চৰকাৰ তথা ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদ খনে কিবা ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিবনে? নে এনে দৰে চিৰকাল অনগ্ৰসৰ হৈ থাকিব লাগিব এই অঞ্চলসমূহ?

Leave a Reply

Your email address will not be published. Required fields are marked *

*