অসম

সাংবাদিকতাৰে জড়িত স্বাস্থ্যকর্মী আৰু শিক্ষকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থাৰ ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ

নিউজ ডেস্ক, প্ৰথম খবৰ:ৰাজ্যৰ বিভিন্ন স্থানত শিক্ষা বিভাগ আৰু স্বাস্থ্য বিভাগত কৰ্মৰত কৰ্মচাৰীয়ে সক্রিয় সাংবাদিকতাকে ধৰি অন্য কাম বা ব্যৱসায়ত জড়িত হৈ আছে। তেওঁলোকে সাংবাদিকতা বা অন্য কামত জড়িত হৈ চৰকাৰী কর্তব্যত গাফিলতি কৰি আহিছে। এতিয়া তেনে লোকৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা গ্রহণ কৰিব। কালি এই কথা ঘোষণা কৰে ৰাজ্যৰ বিত্ত,শিক্ষা আৰু স্বাস্থ্য বিভাগৰ মন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কালি অনুষ্ঠিত ১০৮ মৃত্যুঞ্জয় সুেৱাৰ অধীনত ৯৫ খন নতুন এম্বুলেন্স সেৱাৰ শুভাৰম্ভ কৰি মন্ত্রীজনে কয় যে ৰাজ্যৰ চৰকাৰী কর্তব্য পালনৰ ক্ষেত্ৰত একাংশ লোকে গাফিলতি কৰি আহিছে। এই লোকসকল সাংবাদিকতাকে ধৰি ব্যৱসায় আদিৰ সৈতে জড়িত। শিক্ষক বা স্বাস্থ্য বিভাগৰ এম পি ডব্লিউ আদি কামত নিয়োজিত এই কর্মচাৰী সকলে নিযুক্তি পোৱা স্থানলৈ নগৈ নিজ গৃহভূমিতে থাকে আৰু কাম নকৰাকৈয়ে মাহৰ দৰমহা লৈ থাকে। এনে হােৱাৰ ফলত চৰকাৰী কামৰ মান নিম্নমুখী হােৱাৰ উপৰি অন্য বিভিন্ন ধৰণৰ অসুবিধাৰ হৈ আহিছে। চৰকাৰে পূর্বে বহুবাৰ এনে কামৰ পৰা বিৰত থাকিবলৈ আহবান জনোৱাৰ লগতে সকীয়াই দিছিল যদিও ফল নধৰাত এতিয়া তেনে কর্মচাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’ব বুলি তেওঁ স্পষ্ট কৰে। স্বাস্থ্য বিভাগৰ জিলা বিষয়াক শীঘ্ৰে কর্তব্যত গাফিলতি কৰা এনে কর্মচাৰীৰ তালিকা প্রস্তুত কৰিবৰ বাবেও তেওঁ নির্দেশ দিয়ে। আনহাতে, তেওঁ সংবাদ মাধ্যমৰ স্বত্বাধিকাৰীসকলকো এনে লোকক কামত নাৰাখি নীতি মানি চলিবলৈ আহবান জনায়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close