অসম

সৃজনগ্ৰামত জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ আঞ্চলিক সমিতি গঠন

উত্তৰ শালমাৰাৰ পৰা দ্বীপজ্যোতি ৰায়, প্ৰথম খবৰ: অসমৰ খিলঞ্জীয়া ৰাইজৰ স্বাৰ্থৰ হকে অবিৰতভাৱে সংগ্ৰাম কৰি অহা অসমৰ এক অন্যতম ছাত্ৰ সংগঠন অসম জাতীয়তাবাদী যুৱ – ছাত্ৰ পৰিষদৰ বঙাইগাওঁ জিলাৰ অন্তৰ্গত সৃজনগ্ৰাম আঞ্চলিক সমিতি খন পুনৰ গঠন কৰা হৈছে। সেই উপলক্ষে বৰঘোলাস্থিত জ্ঞানজ‍্যোতি জাতীয় বিদ্যালয় প্ৰাংগনত অনুস্থিত সাধাৰণ সভাখন সংগঠনটোৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সদস্য গনেশ দাসৰ সভাপতিত্বত অনুস্থিত কৰা হয় । সভাত উপস্থিত থাকি সংগঠনটোৰ বঙাইগাওঁ জিলা সমিতিৰ সাধাৰণ সম্পাদক ৰূপক ৰায়ে অংশগ্ৰহন কৰি সংগঠনটোৰ লক্ষ‍‍্য আৰু উদ্দেশ্যৰ বিষয়ে বিশদভাবে বৰ্ণনা কৰে । উক্ত সভাতেই সৃজনগ্ৰামৰ সৰবৰহী যুৱনেতা ছফিকুল আলম শ্বেইখক সভাপতি আৰু নয়ন ৰায়ক সম্পাদক হিচাপে লৈ এখন শক্তিশালী সমিতি গঠন কৰা হয় । সভাৰ অন্তিম কায্যসূচী সভাপতিৰ ভাষণত সভাৰ সভাপতি তথা সংগঠনৰ কেন্দ্ৰীয় কায্যনিৰ্বাহক সদস্য গনেশ দাসে যুৱ – ছাত্ৰ পৰিষদৰ মূল দাবী পূৰ্ণ স্বায়ত্ব শাসন , দ্বি – নাগৰিকত্ব আৰু আন্ত:ৰাষ্ট্ৰীয় পাৰপত্ৰৰ ওপৰত বক্তব্য আগবঢ়াই দাবীকেইটা পূৰণ কৰাৰ বাবে সংগঠনটোৱে সদায় সংগ্ৰাম অব্যাহত ৰাখিব বুলি মন্তব্য আগবঢ়ায় ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close