শেহতীয়া
Home / অসম / সেনাৰ চতুৰ্থ কৰৰ মুখ্য কাৰ্যালয়  মিছামাৰীলৈ হস্তান্তৰ দাবী তেজপুৰৰ সাংসদ

সেনাৰ চতুৰ্থ কৰৰ মুখ্য কাৰ্যালয়  মিছামাৰীলৈ হস্তান্তৰ দাবী তেজপুৰৰ সাংসদ

তেজপুৰৰপৰা অপুৰ্ব বৰা, প্ৰথম খবৰ: তেজপুৰৰ দুৱাৰ মুখ স্বৰূপ মিচনচাৰিআলিত থকা সেনাৰ চতুৰ্থ কৰক লৈ তেজপুৰৰ ৰাইজৰ বিভিন্ন অসুবিধা হয়। এই মন্তব্য তেজপুৰৰ সাংসদ ৰাম প্ৰসাদ শৰ্মাৰ। শৰ্মাই আজি তেজপুৰত সাংবাদিকৰ আগত কয় যে সেনাৰ চতুৰ্থ কৰৰ বাবে তেজপুৰবাসী নানা অসুবিধা আৰু হাৰাশাস্তি পাবলগা হয়। গতিকে তেজপুৰ মহকুমাৰ মিছামাৰীত থকা কেইবাহাজাৰ ভুমি অব্যৱহৃত হিচাপে আছে। সেই মাটিলৈ সেনাৰ চতুৰ্থ কৰ হস্তান্তৰ কৰিব লাগে। এই দাবী জনাই সাংসদ শৰ্মাই দেশৰ প্ৰধান মন্ত্ৰী,গৃহ মন্ত্ৰী আৰু অসামৰিক মন্ত্ৰীলৈ স্বাৰক পত্ৰ প্ৰেৰণ কৰিছে বুলি মন্তব্য কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*