শেহতীয়া
Home / অসম / স্পর্শকাতৰ ৰাজ্যৰ পৰিস্থিতি:চােকা দৃষ্টি ৰাখিছে কেন্দ্ৰীয় গৃহ মন্ত্রালয়ে

স্পর্শকাতৰ ৰাজ্যৰ পৰিস্থিতি:চােকা দৃষ্টি ৰাখিছে কেন্দ্ৰীয় গৃহ মন্ত্রালয়ে

নিউজ ডেস্ক, প্ৰথম খবৰ: ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ প্ৰথম খচৰা প্ৰকাশৰ দিন চমু চাপি অহাৰ লগে লগে অধিক স্পর্শকাতৰ হৈ পৰিছে ৰাজ্যৰ পৰিস্থিতি। পঞ্চায়তৰ নথি পত্ৰক কালি উচ্চতম ন্যায়ালয়ে বৈধতা প্রদান কৰিছে। যদিও কেৱল সংযোগী নথি হিচাপেহে গ্রহণযোগ্য হ’ব পঞ্চােয়তৰ নথি-পত্ৰ। তদুপৰি প্ৰথমখন খচৰাত পঞ্চায়তৰ নথিপত্ৰ সন্নিৱিষ্ট কৰা মহিলাসকলৰ নাম অন্তর্ভুক্ত নহ’ব। এনে পৰিস্থিতিত ৩১ ডিচেম্বৰৰ মাজনিশা এন আৰ চিৰ খচৰা প্ৰকাশৰ লগে লগে বিস্ফোৰক হৈ উঠিব ৰাজ্যৰ পৰিস্থিতি। ৰাজ্যৰ আৰক্ষী বাহিনীয়ে ইতিমধ্যে ৮০০ এন আৰ চি সেৱা কেন্দ্রক স্পর্শকাতৰ বুলি অভিহিত কৰি চােকা দৃষ্টি ৰাখিছে যদিও কেন্দ্ৰৰ গৃহ মন্ত্রালয়ে অসম আৰক্ষীৰ বিশেষ সাৱধানতামূলক ব্যৱস্থাক লৈ সন্তুষ্ট হ’ব পৰা নাই। কিয়নো চােৰাংচােৱাং সংস্থাসমূহে গৃহ মন্ত্ৰালয়ক ঘনে ঘনে দি থকা তথ্য অনুসৰি এন আৰ চিৰ খচৰা প্ৰকাশৰ লগে লগে আৰক্ষীয়ে ধাৰণা কৰাতকৈও ৰাজ্যৰ পৰিস্থিতি অধিক ভয়ংকৰ হৈ পৰিব পাৰে।ইতিমধ্যে বিভিন্ন সংখ্যালঘু প্রধান অঞ্চলত এন আৰ চিক লৈ ব্যাপক অপপ্ৰচাৰ চলিছে। বিভ্রান্তিৰ মাজত সোমাই পৰিছে বিশাল সংখ্যক সংখ্যালঘু নাগৰিক। এন আৰ চিৰ পৰা নাম বাদ পৰাৰ আশংকাত সংখ্যালঘু ৰাইজ শংকিত হৈ পৰাত পৰিস্থিতিৰ সুযোগ ল’ব বিচাৰিছে বিভিন্ন অপশক্তিয়ে। চােৰাংচােৱাৰ এনে প্রতিবেদন লাভ কৰাৰ পাছতে কেন্দ্রীয় গৃহমন্ত্রালয় অতিশয় চিন্তিত হৈ পৰিছে। গৃহ বিভাগে অসমৰ পৰিস্থিতি গুৰুত্বসহকাৰে লৈ নিয়ন্ত্ৰণৰ বাবে ৰণকৌশল যুগুতাবলৈ তৎপৰ হৈ উঠিছে। সেই বাবে ততাতৈয়াকৈ কেন্দ্রীয় চােৰাংচােৱা সংস্থা অর্থাৎ ইন্টেলিজেন্স ব্যুৰ’ৰ    মুৰব্বীগৰাকীক অসমলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*