সম্পাদকীয়

স্বামী-স্ত্রীৰ সম্পর্কত আৰক্ষী কিয়!!!!

স্বামী-স্ত্রীৰ সম্পর্কত ‘নাক সুমুৱা’ মুম্বাই আৰক্ষীৰ ভর্ৎসনা কৰিছে কলকাতা হাইকোর্টে। বিচাৰপতি দেৱাংশু বসাকৰ প্রশ্ন, প্রাপ্তবয়স্ক দুয়োজনে বিয়া কৰাই সংসাৰ কৰিছে— সেয়া জনাৰ পিছতো আৰক্ষীয়ে  উদ্ধাৰৰ নামত চহৰৰ চাৰিওফালে অভিযান চলাব পাৰে! বিচাৰপতিৰ মন্তব্য, ‘আদালতে স্বামী-স্ত্রীৰ সম্পর্কত হস্তক্ষেপ নকৰে ।

ফেচবুকৰ মাধ্যমে পৰিচয়। তাৰ পিছত গভীৰ সম্পর্ক। যোধপুৰৰ বাসিন্দা পেছাত ৱেবছাইট ডিজাইনাৰ শংকৰ ভট্টাচার্যক বিগত অক্টোবৰ মাহত বিয়া কৰায় মহাৰাষ্ট্রৰ বাসিন্দা দর্শিনী ভুটাই। বর্তমানে এই দম্পতীটো চহৰৰ বাসিন্দা। দর্শিনী এটা বেচৰকাৰী বেংকৰ উচ্চপদস্থ কর্মী। এই বিয়াক মানিব নোবাৰি দর্শিনীৰ পিতৃ মহেশে মুম্বইৰৰ মাতুংগা থানাত অপহৰণসহ একাধিক ধাৰাই শংকৰৰ বিরুদ্ধে অভিযোগ দাখিল কৰে। তেওঁৰ অভিযোগ, ‘শংকৰে মেজিক জানে! সেয়ে দর্শিনীক সম্মোহিত কৰি ৰাখিছে! মহেশৰ অভিযোগেৰ ভিত্তিতে দর্শিনীক উদ্ধাৰৰ নামত চহৰৰ অভিযান চলায় মহাৰাষ্ট্র আৰক্ষীয়ে।

আবেদনটি শুনি  বিচাৰপতিয়ে জনাইছিল,যেনেকৈ  মাক-দেউতাকৰ লগত ছোৱালীৰ সম্পর্কত আদালত নোসোমায়, সেইদৰে স্বামী-স্ত্রীৰ সম্পর্কতো আদালতত হস্তক্ষেপ নকৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close