অসমশীৰ্ষ

চিকিৎসালয়ৰ কদৰ্য ৰূপ দেখি যুটীয়া সঞ্চালিকা-অধীক্ষকক ধমক ৰাজ্যপালৰ

ভূচিত্ৰ দাধৰা

বিশ্বনাথ চাৰিআলি,২০ ডিচেম্বৰ: বিশ্বনাথ অসামৰিক চিকিৎসালয়ৰ অপৰিষ্কাৰ ৰূপ দেখি আজি ক্ষুণ্ণ হৈ পৰে অসমৰ ৰাজ্যপাল জগদীশ মুখী। দিনযোৰা কাৰ্য্যসূচীৰে আজি বিশ্বনাথত উপস্থিত হোৱা ৰাজ্যপাল জগদীশ মুখীয়ে বিয়লি ৪:৩০ বজাত উপস্থিত হয় বিশ্বনাথ অসামৰিক চিকিৎসালয়ত । পিছে চিকিৎসালয় খনত উপস্থিত হৈয়ে চকু কপালত উঠে ৰাজ্যপাল জগদীশ মুখীৰ। চিকিৎসালয় খনৰ গাহৰিৰ গৰাল সদৃশ পৰিবেশ দেখি খঙত অগ্নিশৰ্মা হৈ পৰে ৰাজ্যপাল গৰাকী । ৰাজ্যপালে যুটীয়া সঞ্চালিকা কৃষ্ণা কুমফাই আৰু অধ্যক্ষ বেদনিধি শৰ্ম্মাক  চিকিৎসালয়ৰ চৌহদ, শৌচাগাৰ, প্ৰসাৱগাৰ আদিৰ অপৰিষ্কাৰ ৰূপ দেখি চিকিৎসালয় খন পৰিষ্কাৰ কৰাৰ বাবে এমাহৰ সময়সীমা বান্ধি দিয়াৰ লগতে শোণিতপুৰ জিলা স্বাস্থ্য বিভাগৰ যুটিয়া সঞ্চালিকা আৰু বিশ্বনাথ অসামৰিক চিকিৎসালয়ৰ অধ্যক্ষ গৰাকীক কঠোৰ বাক্যবানেৰে ঠকা সৰকা কৰে। ২০ জানুৱাৰী ২০১৮ ৰ ভিতৰত বিশ্বনাথ অসামৰিক চিকিৎসালয় সম্পূৰ্ণ পৰিস্কাৰ কৰাৰ লগতে ফটো সহ তথ্য বিশ্বনাথ জিলাৰ উপায়ুক্তৰ জৰিয়তে প্ৰেৰণ কৰাৰ বাবে কঠোৰ নিৰ্দেশ দিয়ে ৰাজ্যপাল গৰাকীয়ে । স্বাস্থ্য মন্ত্ৰীৰ কঠোৰ সকিয়নীৰ পিছতো চিকিৎসালয় খনৰ এন কদৰ্য্যময় পৰিবেশ দেখি হতভম্ব হৈ পৰে ৰাজ্যপাল গৰাকী। ইয়াৰ পূৰ্বে ৰাজ্যপাল জগদীশ মুখীয়ে সাকোমাঠা চাহ বাগিচা পৰিদৰ্শন কৰাৰ লগতে আৱৰ্ত ভৱনত বিভিন্ন দল সংগঠন আৰু সাংবাদিকৰ লগতো মত বিনিময় কৰে। এই মত বিনিময় কালত ৰাজ্যপাল জনে সম্প্ৰতি কেন্দ্ৰীয় মন্ত্ৰীৰ উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণৰ কথা উল্লেখ কৰে। তদুপৰি পৰ্য্যটন আৰু স্বচ্ছতাৰ ওপৰতো গুৰুত্ব দিয়ে ৰাজ্যপাল জনে। অৱশ্যে প্ৰধানমন্ত্ৰীৰ উড়ান যোজনাৰ অধীনত গুৱাহাটীৰ আন্তঃৰাষ্ট্ৰীয় মানৰ বিমান বন্দৰ স্থাপনৰো চিন্তা চৰ্চা কৰা বুলি এক গুৰুত্বপূৰ্ণ উল্লেখ কৰে ৰাজ্যপাল মুখীয়ে । ৰাজ্যপাল মুখীয়ে আনকি সাংস্কৃতিক ক্ষেত্ৰত অসমীয়া সকল অতি আগবঢ়া বুলিও তাৎপৰ্য পূৰ্ণ মন্তব্য প্ৰদান কৰে। অৱশ্যে ৰাজ্যৰ সাংবিধানিক মুৰব্বীৰূপে ৰাজ্যপাল জনে বিশ্বনাথ জিলা প্ৰশাসন আৰু আৰক্ষীৰ লগত নিৰাপত্তা আৰু আইন শৃংখলাৰ লগতে প্ৰশাসনিক কাম কাজৰো আলোচনাত মিলিত হয়। বিশ্বনাথৰ বিভিন্ন দল সংগঠন আৰু বিভিন্ন বেচৰকাৰী সংস্থাৰ সৈতেও বিভিন্ন উন্নয়নৰ দিশত আলোচনাত বহে  ৰাজ্যপাল গৰাকী। আনহাতে ৰাজ্যপাল জগদীশ মুখীৰ সহধৰ্মীনি গুপ্তকাষী বিশ্বনাথ ঘাটৰ নৈষৰ্গীক শোভা দৰ্শন কৰি আপ্লুত হৈ পৰা পৰিলক্ষিত হয় ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close