অসম

সৰিয়হ ফুলৰ সুবাসত যেন এতিয়া মতলীয়া হৈ উঠিছে ঢকুৱাখনাৰ চৌদিশ

ঢকুৱাখনাপৰা পাপু বৰুৱা,প্ৰথম খবৰ:ঢকুৱাখনা মহকুমাৰ অন্তৰ্গত সোণাৰি চাপৰিৰ লগতে কঢ়া নৈৰ দুয়োপাৰে এতিয়া সৰিয়হৰ হালধীয়া ফুলৰ সুবাসত আমোলমোল চৌদিশ। সৰিয়হৰ আমোলমোল গোন্ধত যেন এতিয়া মতলীয়া হৈছে ঢকুৱাখনা। হালধীয়া ফুলে মহকুমাটোৰ কৃষি পথাৰসমূহ ভৰি পৰি এক মনোমোহা পৰিৱেশ সৃষ্টি কৰিছে। কৃষকৰ শ্ৰমৰ ফচল এতিয়া পথাৰত সেই হালধীয়া ফুলৰ চুপহিয়ে। কৃষকৰ শ শ বিঘা কৃষিভূমি এতিয়া হালধীয়া হৈ পৰা উপৰিও চকুৰে মণিব নোৱাৰালৈ কেৱল হালধীয়া হৈ পৰিছে। মহকুমাটোৰ হাজাৰ হাজাৰ কৃষকৰ কঠোৰ শ্ৰমেৰে উৎপাদন কৰা এই সৰিয়হ খেতি। চৰকাৰৰ পৰা কণমানো সা-সুবিধা গ্ৰহণ নকৰাকৈ নিজেই শৰীৰৰ ঘাম মাটিত পেলাই শ শ বিঘা সৰিয়হৰ খেতিয়ে ভৰাই তুলি যেন সূচনা কৰিছে এক সেউজ বিপ্লৱ।

Related Articles

Leave a Reply

Close