অসম

হাঁহ কুকুৰা পালনেৰে স্বনিৰ্ভৰশীলতাৰ উজ্জ্বল নিদৰ্শন আশ্ৰফুল ইছলামৰ

লাহৰীঘাটৰ পৰা শ্বামিমুল ইছলাম প্ৰথম খবৰ: যি সময়ত মানুহে দেশে বিদেশে কাম সংস্থাপন বিচাৰি হাবাথুৰি খাই ফুৰিবলগা হৈছে তেনে সময়তে স্ব নিৰ্ভৰশীলতাৰ এক উজ্জ্বল নিদৰ্শন দাঙি ধৰিছে মৰিগাওঁ জিলাৰ ভূৰাগাওঁ ৰাজহচক্ৰৰ অন্তগত হাতীলৰুৱা পথাৰৰ আশ্ৰফুল ইছলাম( ১৯) নামৰ এজন যুৱকে। যুৱক জনে পথাৰৰ মাজত এক বিঘা মাটি জালেৰে বেৰ দি উন্নত প্ৰজাতিৰ হাহ কুকুৰা পোহপাল দিছে। ছয় মাহ পূৰ্বে দহ যোৰ হাহ কুকুৰাৰে আৰম্ভ কৰা ফাৰ্মখনত পৰৱৰ্তী সময়ত  প্ৰায় ৩০যোৰলৈ বৃদ্ধি পাইছে হাহ কুকুৰাৰ সংখ্যা। যুৱক জনৰ এনে কাৰ্যৰ প্ৰতি আকৰ্ষিত হৈ গাঁৱৰ ৰাইজে যুৱক জনক প্ৰসংশা কৰি যুৱ সমাজক কাম সংস্থাপন বিচাৰি হাবাথুৰি খাই ফুৰাৰ পৰিৱৰ্তে  এনেধৰনে  স্ব-নিভৰশীল হবলৈ আহ্বান জনাইছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close