শেহতীয়া
Home / অসম / হাৰিয়ানৰ গুৰুগ্রামত অনুষ্ঠিত নৃত্য প্রতিযোগিতাত সাফল্য নগাঁৱৰ হাতীচোঙৰ ইন্দ্রাণীৰ

হাৰিয়ানৰ গুৰুগ্রামত অনুষ্ঠিত নৃত্য প্রতিযোগিতাত সাফল্য নগাঁৱৰ হাতীচোঙৰ ইন্দ্রাণীৰ

প্ৰথম খবৰ,জাজৰি: হাৰিয়ানৰ গুৰুগ্রামত ‘নিষ্ঠা’ সাংস্কৃতিক মঞ্চৰ উদ্যোগত অলপতে অনুষ্ঠিত হোৱা সৰ্বভাৰতীয় নাট্য আৰু নৃত্য প্রতিযোগিতাত অংশ গ্রহন কৰি নগাঁও জিলাৰ হতীচোং মৌজাৰ মাজজাজৰি গাঁৱৰ ইন্দ্রাণী গোস্বামীয়ে ব্যক্তিগত শাখাৰ উচ্চ বিভাগত প্রথম স্থান দখল কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। সমাজকৰ্মী ভৱেনচন্দ্র গোস্বামী আৰু শিক্ষয়িত্রী ৰুকুমণি গোস্বামীৰ কন্যা ইন্দ্রানীয়ে শিল্পী ৰাজু শৰ্মাৰ পোহৰ ডান্স একাডেমি দলৰ এগৰাকী সত্রীয়া শিল্পীৰূপে প্রতিযোগিতাখনত অংশ গ্রহন কৰিছিল। উক্ত প্রতিযোগিতাত পোহৰ ডান্স একাডেমীৰ শিল্পী সকলে দলীয় শাখাত দ্বিতীয় আৰু অন্য এগৰাকী শিল্পী সুস্মিতা হাজৰিকাই কণিষ্ঠ শাখাৰ লোকনৃত্য প্রতিযোগিতাত প্রথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে, নগাঁও আনন্দৰাম ঢেকীয়াল ফুকন মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞানৰ ছাত্রী ইন্দ্রানী গোস্বামী ইয়াৰ পূৰ্বে উৰিষ্যাৰ কটকত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱত অংশ লৈ সত্রীয়া শাখাত স্থান লাভ কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *

*