বিনোদন

২০১৮ৰ ২৮ ডিচেম্বৰত মুক্তি লাভ কৰিব “সিম্বা”

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ:আজি ছ’চিয়েল মিডিয়াৰ জৰিয়তে কৰণ জোহৰে প্ৰথমবাৰৰ বাবে “সিম্বা” ৰ আলোকচিত্ৰ মুকলি কৰে।

বলিউডৰ জনপ্ৰিয় পৰিচালক ৰোহিত চেট্ৰীয়ে গোলমাল ৰিটাৰ্ণছৰ দৰে চুপাৰহিট ফিল্ম দৰ্শকৰ মনোৰঞ্জনৰ বাবে মুকলি কৰি দিয়াৰ পাছত এইবছৰ “সিম্বা” নামৰ এখন ফিল্মৰ কাম হাতত লয়।

এই ফিল্ম খনৰ মূখ্য চৰিত্ৰত অভিনয় কৰিব বলিউডৰ তাৰকা ৰণবীৰ সিঙে। আৰু তেওঁক দেখা পোৱা যাব এজন পুলিচ অফিচাৰৰ ৰূপত। এই ফিল্মখন কৰণ জোহৰ আৰু ৰোহিত চেট্ৰী দুই জনে পৰিচালনা কৰিব। এই ছবিখন দাক্ষিণাত্যৰ ছবি ‘টেম্পাৰ’ৰ ৰিমেক আৰু ছবিখনত অভিনয় কৰিছিল জুনিয়ৰ এন্টীয়াৰ আৰু কাজল আগৰৱালাই
কিন্তু সিম্বা ফিল্ম খনত ৰণবীৰ সিঙৰ বিপৰীতে কোনে অভিনয় কৰিব এতিয়ালৈকে জানিব পৰা হোৱা নাই। কিন্তু এইটো ঠিক যে ৰোহিত চেট্ৰীয়ে যেতিয়াই ছবি নিৰ্মাণ কৰে তেওঁৰ প্ৰতিখন ফিল্মেই বক্স অফিচত শীৰ্ষ স্থান লাভ কৰিবলৈ সক্ষম হয়। তেওঁ পৰিচালনা কৰা সিংহম আৰু সিংহম ৰিটাৰ্ণছৰ অপূৰ্ব সফলতাৰ পাছত “সিম্বা” ই কিমান সফলতা লাভ কৰিব পাৰে সেয়া লক্ষ্যণীয় হ’ব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close