শীৰ্ষৰাষ্ট্ৰীয়

‘২২ বছৰৰ হিচাপ গুজৰাটে বিচাৰিছে জবাব’ :প্ৰধানমন্ত্ৰীলৈ ৰাহুলৰ প্ৰশ্নবাণ

ছফিক আহমেদ, প্ৰথম খবৰ: গুজৰাট বিধানসভা নির্বাচনত ৰাহুল গান্ধীয়ে বিজেপিক শলঠেকত পেলাবলৈ কেতবোৰ কৌশল গ্রহণ কৰিছে যদিও সেয়া কিমান ফলপ্রসূ হয় ,সেয়া সময়েহে কব। গুজৰাটত বিধানসভা নির্বাচনৰ প্ৰচাৰ চলোৱাৰ লগতে টুইটাৰৰ জৰিয়তেও বিজেপি আৰু প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক সমালোচনা অব্যাহত ৰাখিছে। বিগত আঠ দিনে টুইটাৰৰ জৰিয়তে প্রধান মন্ত্রীক আঠটা প্রশ্ন সোধা ৰাহুল গান্ধীয়ে কালি নৱম প্রশ্নটাে কৰে। মহিলাৰ সুৰক্ষা, মূল্যবৃদ্ধি আৰু স্বাস্থ্য সেৱা সম্পর্কীয় প্রশ্ন কৰাৰ পিছত ৰাহুল গান্ধীয়ে বৃহস্পতিবাৰে গুজৰাটৰ খেতিয়কসকলৰ দিশটো উত্থাপন কৰি প্রধান মন্ত্রী নৰেন্দ্ৰ মোদীক প্রশ্ন কৰে।  প্রশ্নটােত ৰাহুল গান্ধীয়ে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক ‘গব্বৰ সিং’ বুলি অভিহিত কৰে। গুজৰাটৰ কৃষকসকলক চৰকাৰে কৰা ব্যৱহাৰক অতিশয় দুঃখজনক বুলি ৰাহুলে অভিহিত কৰে। ‘২২ বছৰৰ হিচাপ গুজৰাটে বিচাৰিছে জবাব’ শীর্ষক প্রশ্নৰ অন্তৰ্গত কালিৰ নৱমটো প্রশ্নত ৰাহুল গান্ধীয়ে কয় যে প্রধান মন্ত্রী নৰেন্দ্ৰ মোদী আৰু তেওঁলোকৰ চৰকাৰে কৃষকসকলৰ কথা নাভাবে। কৃষকসকলৰ ওপৰত গব্বৰ সিঙৰ দ্বাৰা মাধ্যমাৰ শোধোৱা বুলিও তেওঁ অভিযোগ কৰে। কৃষকসকলৰ কৃষি ঋণ মাফ নকৰি চৰকাৰে ভুল কৰা বুলিও তেওঁ সকীয়াই দিয়ে। তদুপৰি উৎপাদিত শস্যৰ উচিত দাম নিদিয়া, শস্য বীমা ৰাশি লাভ নকৰা, জলসিঞ্চনৰ উচিত সুবিধা নিদিয়া বুলিও তেওঁ অভিযোগ আনে। আনহাতে, কৃষকৰ মাটি কাঢ়ি লৈ লোকসকলক সর্বস্বান্ত কৰা বুলিও অভিযোগ কৰে ৰাহুলে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close