অসম

৩৪সংখ্যক যোগেশ্বৰ বৰুৱা সোৱঁৰণী একাংক নাট প্ৰতিযোগিতাত শ্ৰেষ্ঠ দল নগাঁৱৰ জ্যোতি শিল্প

প্ৰথম খবৰ,বিহপুৰীয়া: ২৩ ডিচেম্বৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ৩৪সংখ্যক সদৌ অসম যোগেশ্বৰ বৰুৱা সোৱঁৰণী একাংক নাট প্ৰতিযোগিতাখনি ইতিমধ্যে সামৰণি পৰিছে।  বিহপুৰীয়া সন্মিলিত নাট্য সমাজৰ উদ্যোগত অনুষ্ঠিত এই একাংক নাট প্ৰতিযোগিতাখনত শ্ৰেষ্ঠ দল-জ্যোতি শিল্প-নগাঁও,দ্বিতীয় শ্ৰেষ্ঠ দল-সান্নিধ্য  লখিমপুৰ,তৃতীয় শ্ৰেষ্ঠ দল অনুশীলন-বিহপুৰীয়া, শ্ৰেষ্ঠ নাট্যকাৰ প্ৰাঞ্জল শইকীয়া,দ্বিতীয় শ্ৰেষ্ঠ নাট্যকাৰ কুলদীপ শইকীয়া,শ্ৰেষ্ঠ পৰিচালক-নৱজ্যোতি বৰা,দ্বিতীয় শ্ৰেষ্ঠ পৰিচালক ৰাহুল শৰ্মা, শ্ৰেষ্ঠ অভিনেতা কুলদীপ শইকীয়া, দ্বিতীয় শ্ৰেষ্ঠ অভিনেতা কুমাৰ দিব্যজ্যোতি নাৰায়ন দেৱ,শ্ৰেষ্ঠ অভিনেত্ৰী ময়ুৰী দত্ত,দ্বিতীয় শ্ৰেষ্ঠ অভিনেত্ৰী বন্দনা শৰ্মা,শ্ৰেষ্ঠ সহ অভিনেতা জিংকু বৰুৱা,দ্বিতীয় শ্ৰেষ্ঠসহ অভিনেতা তিলক বৰা,শ্ৰেষ্ঠ সহ অভিনেত্ৰী প্ৰিয়াঞ্চী কাশ্যপ,দ্বিতীয় শ্ৰেষ্ঠ সহ অভিনেত্ৰী অলকা গগৈ,শ্ৰেষ্ঠ কৌতুক অভিনেতা দীপাংকৰ কলিতা, শ্ৰেষ্ঠ সঙ্গীত-কৃপাল কলিতা,শ্ৰেষ্ঠ কলা নিৰ্দেশক ৰাতুল ডেকা,শ্ৰেষ্ঠ আলোক সম্পাত প্ৰিয়ম বৰা, শ্ৰেষ্ঠ ৰূপ সজ্জা বুলেন বৰগোহাঁই,দ্বিতীয় শ্ৰেষ্ঠ ৰূপসজ্জা নীলমনি শৰ্মা আৰু শ্ৰেষ্ঠ শলংখলাবদ্ধ দল হিচাপে পাঞ্চজন্য নিৰ্বাচিত হৈছে৷

নাট্য সমাজৰ সভাপতি দেবানন্দ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত বটাঁ বতৰণী সভাত শ্ৰেষ্ঠ নাট্য দলটিক ২০ হাজাৰ,দ্বিতীয় শ্ৰেষ্ঠ নাট্যদলক ১৫ হাজাৰ,তৃতীয় শ্ৰেষ্ঠ নাট্য দলক ১০ হাজাৰ নগদ ধন সহ মানপত্ৰ আৰু বিহপুৰীয়া সন্মিলিত নাট্য সমাজৰ একোটিকৈ স্মাৰক প্ৰদান কৰাৰ লগতে বাকী ব্যক্তিগত শিতানৰ শ্ৰেষ্ঠ পুৰস্কাৰ লাভ কৰা সকলকো নগদ ধন,মান পত্ৰ আৰু নাট্য সমাজৰ এটি স্মাৰক প্ৰদান কৰে।

Related Articles

Leave a Reply

Close