অসম

ৰঙিয়াত চোৰৰ উপদ্ৰব: লক্ষাধিক টকাৰ গহনা চুৰি

প্ৰথম খবৰ, ৰঙিয়া : ৰঙিয়া আৰক্ষীৰ নিৰ্লিপ্ততাৰ বাবে ৰঙিয়াত অস্বাভাৱিক ভাৱে বৃদ্ধি পাইছে চোৰৰ টিঘলঘিলনি । যোৱা নিশা ৰঙিয়া মুৰাৰাৰ হাইৱে ধাবাৰ সমুখৰ ধৰম পুৰত অশ্বিনী পাটোৱাৰীৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ এদল চোৰে তাণ্ডৱ চলায় । চোৰৰ দলটোৱে ঘৰৰ তলা ভাঙি প্ৰায় দুই লক্ষাধিক টকাৰ সোনৰ অলংকাৰ, সৰ্থেবাৰীৰ কাহ পিতলৰ পুৰণা বাচন ,নগদ ১০ হাজাৰ টকা, বেংক আৰু জীৱন বীমাৰ নথি পত্ৰ আদি লৈ যায় । পাটোৱাৰীয়ে এই সন্দৰ্ভত ৰঙিয়া থানাত এজাহাৰ দাখিল কৰে

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close