অসম

ৰঙিয়াত পথ দুৰ্ঘটনাত এজনৰ মৃত্যু

প্ৰথম খবৰ,ৰঙিয়া: ৰঙিয়াৰ সোঁমাজেৰে যোৱা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মৰাণজানাত আজি দিনৰ ভাগত এক পথ দুৰ্ঘটানত এজন বাইক আৰোহী  নিহত হয়। মৃত যুৱকজন ৰঙিয়া হিৰাকাটাৰ গিয়াছুদ্দিন আহমেদ (৩৫ ) বুলি জানিব পৰা গৈছে।  ঘটনাৰ বিষয়ে জানিব পৰামতে যুৱকজনে তেওঁৰ AS01 DA 3961 নম্বৰৰ ক’লা-ৰঙা ৰংঙৰ T 220 পালচৰখনৰে ৰঙিয়া অভিমুখে আহি আছিল। বাইকখন মৰাণজানাৰ চক অতিক্রম কৰাৰ লগে লগে পিছফালৰ পৰা একে অভিমুখে আহি থকা আন এখন গাড়ীয়ে খুন্দা মৰাৰ ফলত যুৱকজন চিটিকি গৈ পথৰ মাজত পৰে। মুহুৰ্ততে উক্ত গাড়ীখনৰ পিছৰ চকা যুৱকজনৰ মূৰৰ ওপৰৰে পাৰ হৈ যোৱাত যুৱকজন ঘটনাস্থলীতে মৃত্যুক সাৱতি লয়। ইফালে ঘটনাটো সংঘটিত কৰিয়ে গাড়ীখন পলায়ন কৰে।

জানিব পৰামতে মৃত গিয়াছুদ্দিন নামৰ যুৱকজনে ৰঙিয়া মহাবিদ্যালয়ৰ পৰা BScত অসমৰ ভিতৰত পঞ্চমস্থান দখল কৰাৰ উপৰিও গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা MScত অসমৰ ভিতৰত সপ্তমস্থান দখল কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পিছত ৰঙিয়াৰ দুখন ব্যক্তিগত জুনিয়ৰ কলেজত কামকৰাৰ উপৰিও ৰঙিয়া মহাবিদ্যালয়টো কেইমাহ মানৰ বাবে প্ৰৱক্তা হিচাপে কৰ্মৰত আছিল। ইফালে মেধাসম্পন্ন যুৱকজনৰ মৃত্যুত সমগ্ৰ ৰঙিয়াতে শোঁকৰ ছাঁ পৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close