অসম

ৰঙিয়াত ফাতেমা কনভেন্টৰ গাড়ী দুৰ্ঘটনাগ্ৰস্থ:আহত ৩জন

প্ৰথম খবৰ,ৰঙিয়া: ফাটেমা কনভেন্টৰ ছাত্ৰ ছাত্ৰী কঢ়িয়াই নিয়া এখন মাৰুতি ভান আজি দুৰ্ঘটনাত পতিত হোৱাত তিনগৰাকীকৈ ছাত্ৰ ছাত্ৰী আহত হয়। আজি দিনৰ প্ৰায় ১১ বজাত AS 01 BT 2086 নম্বৰৰ ভানখনে বিদ্যালয়ৰ পৰা ছাত্ৰ ছাত্ৰী কঢ়িয়াই ৰঙিয়া ভাৰত ভূটান আন্তঃৰাষ্ট্ৰীয় পথেৰে গৈ থকা অৱস্থাতে এখন টেম্পো গাড়ীক পিছফালৰ পৰা তীব্র গতিত খুন্দামাৰে মাৰে। লগে লগে মাৰুতি ভানখনৰ আগফালটো চুৰ্ন বিচুৰ্ণ হোৱাৰ উপৰিও ছাত্ৰ ছাত্ৰী সকলৰ মাজত আতংকৰ পৰিস্থিতিৰ সৃষ্টি হয়। যাৰ ফলত তিনিজনকৈ ছাত্ৰ ছাত্ৰী আহত হ’বলগা হয়।

আহত অষ্টম মান শ্ৰেণীৰ ইশা কুমাৰ চাৰ্কোৱালা, এল কে জিৰ ভাস্কৰ জ্যোতি বড়া,আৰ সুৰভী বালাক ৰঙিয়া পলিক্লিনিক হাস্পতালত ভৰ্ত্তি কৰোৱা হয়। চিকিৎসকে আটাইকেইজনক সংকট মুক্ত বুলি জানিব দিছে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close