শেহতীয়া
Home / অসম / ৰাজ্য ভাষা আইন অনুসৰি তিনিচুকীয়াত ১০০ শতাংশ অসমীয়া ভাষা প্ৰয়োগৰ দাবীত স্মাৰক পত্ৰ প্ৰদান

ৰাজ্য ভাষা আইন অনুসৰি তিনিচুকীয়াত ১০০ শতাংশ অসমীয়া ভাষা প্ৰয়োগৰ দাবীত স্মাৰক পত্ৰ প্ৰদান

প্ৰথম খবৰ,জাগুন :অসমৰ বিভিন্ন জাতি, জনগোষ্ঠীৰ সমম্বয় আৰু সন্মিলনৰ মাজেদি গঢ়ি উঠা অসমীয়া ভাষা ১৯৬০ চনতেই চৰকাৰীভাৱে আইন প্ৰণয়ন হৈ বিভিন্ন চৰকাৰী বেচৰকাৰী কাৰ্য্যালয় অনুষ্ঠান-প্ৰতিষ্ঠান,দোকান-পোহাৰ, বেনাৰ হৰ্ডিং আদিত সৰ্বত্ৰে অসমীয়া ভাষা প্ৰয়োগ কৰাত চৰকাৰী আইনে নিৰ্দেশনা জাৰি কৰে,কিন্তু অতি পৰিতাপৰ বিষয় যে,এটা জাতিৰ আত্মবলিদান, জাতীয় চেতনাক এচাম অসম আৰু অসমীয়া বিৰোধী চক্ৰই এই নিৰ্দেশনা অৱমাননা কৰি ৰাজ্য ভাষা প্ৰয়োগত বিধি পথালি দিয়াৰহে অভিযোগ উত্থাপিত হয়। এই সন্দৰ্ভত অসম জাতীয়তাবাদী যুৱ পৰিষদ তিনিচুকীয়া জিলা সমিতিয়ে তিনিচুকীয়া জিলা খনৰ সমূহ চৰকাৰী-বেচৰকাৰী কাৰ্য্যালয় অনুষ্ঠান-প্ৰতিষ্ঠান,দোকান-পোহাৰ,বেনাৰ-হৰ্ডিং আদি সৰ্বত্ৰে অসমীয়া ভাষা প্ৰয়োগৰ কাৰ্য্যকৰী হোৱাকৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে মাৰ্ঘেৰিটা মহকুমাধিপতি কাৰ্য্যালয়ত।  লগতে অহা এক মাহৰ ভিতৰত যদি এই কাৰ্য্যকৰী নহয় তেন্তে আগন্তুক দিনত অসম জাতীয়তাবাদী যুৱ পৰিষদে অসমীয়া জাতি ৰক্ষাৰ স্বাৰ্থত নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হম বুলি জানিবলৈ দিয়ে আমাৰ প্ৰথম খবৰৰ সাংবাদিকক তিনিচুকীয়া জিলা সমিতিৰ কাৰ্য্যকৰী সভাপতি লক্ষী বড়া আৰু সাধাৰণ সম্পাদক প্ৰাঞ্জল প্ৰতিম নেওঁগে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*