অসম

ৰূপহীত বিজেপিৰ পঞ্চায়তৰ কুচকাৱাজ

প্ৰথম খবৰ,ৰূপহীহাট:আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ দিন চমুচাপি অহাত ৰূপহীহাটত প্ৰতিটো ৰাজনৈতিক দলে ব্যাপক তৎপৰতা আৰম্ভ কৰিছে ৷ আজি ৰূপহী বজাৰস্থিত বিজেপিৰ কাৰ্যালয়ত এক কৰ্মীসভা অনুষ্ঠিত হয়৷ উক্তসভাত কলিয়াবৰ জিলা বিজেপিৰ সম্পাদক তথা প্ৰভাৰী প্ৰাণজিৎ বৰা উপস্থিত থাকি আগন্তক পঞ্চায়ত নিৰ্বাচনৰ বাবে সকলোৱে ঐক্যবদ্ধভাৱে সমিলমিলে দলীয় কামকৰি সাংগঠনিক ভেটি মজবুত কৰিবলৈ উপস্থিত থকা সকলো দলীয় নেতা কৰ্মীক আহ্বান জনায়৷ প্ৰভাৰী প্ৰাণজিৎত বৰাই কলিয়াবৰ জিলা বিজেপিৰ সভাপতি অনিল শইকীয়াৰ সবল নেতৃত্বৰ বাবেই আজি ৰূপহীহাটত বিজেপিক সংখ্যালঘু ৰাইজেও আকোঁৱালি লৈছে আৰু আজিৰ সভাই সেইটো প্ৰমাণ কৰিছে বুলি মতপোষন কৰে৷

Related Articles

Leave a Reply

Close