অসম

ৰূপহীহাটৰ ডি জি চি ছিনিয়ৰ মাদ্ৰাছাৰ বিদায় সভা সম্পন্ন

প্ৰথম খবৰ, ৰূপহীহাট: ৰূপহীহাট সমষ্টিৰ অন্তৰ্গত ডি জি চি ছিনিয়ৰ মাদ্ৰাছাত আজি দিনজোৰা কাৰ্যসূচীৰে বিদায় সম্বৰ্ধনা কাৰ্যসূচী পালন কৰা হয়। তদুপলক্ষে আয়োজিত সভাত সভাপতিত্ব কৰে অৱসৰপ্ৰাপ্ত শিক্ষক আলহাজ হাছমত উল্লাহে। মাদ্ৰাছা খনৰ  চতুৰ্থ আৰু সপ্তম বৰ্ষৰ শিক্ষাৰ্থীসকলে বিদায় লোৱাৰ উপলক্ষে এই সভাৰ আয়োজন কৰা হয়। বিদায়ী ছাত্ৰ-ছাত্ৰী সকলে সভাখনত প্ৰতি গৰাকী শিক্ষকক গামোচা, আৰবিয়ান ৰোমাল আদিৰে সম্বৰ্ধনা জনায়। সভাত হাছমত উল্লাহকে ধৰি বিদ্যালয়খনৰ শিক্ষকসকলৰ লগতে আমন্ত্ৰিত অতিথিয়ে সাৰুৱা ভাষণ আগবঢ়ায়, বিদায়ী শিক্ষাৰ্থীসকলৰ উজ্জল ভৱিষ্যতৰ বাবে দিহা-পৰামৰ্শ দিয়ে । বিদায়ী ছাত্ৰ-ছাত্ৰীসকলেও সভাত অধ্যয়নকালৰ বিভিন্ন কথা, অভিজ্ঞতা সামৰি বক্তব্য ৰাখে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close