শেহতীয়া
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / আন্তঃৰাষ্ট্ৰীয় / ম্যানমাৰত গ্ৰেপ্তাৰ ৰয়টাৰ্ছৰ ২ সাংবাদিক

ম্যানমাৰত গ্ৰেপ্তাৰ ৰয়টাৰ্ছৰ ২ সাংবাদিক

ইণ্টাৰনেচনেল ডেস্ক, প্ৰথম খবৰ: ম্যানমাৰৰ য়াংগুনৰপৰা ৰয়টাৰ্ছৰ দুজনকৈ সাংবাদিকক গ্ৰেপ্তাৰ কৰিলে সুৰক্ষা বাহিনীয়ে। ইতিমধ্যে দেশখনৰ চৰকাৰী সূত্ৰই এই তথ্য প্ৰকাশ কৰিছে। কিন্তু কি কাৰণত সাংবাদিক দুগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে সেই কথা এতিয়ালৈ সদৰি কৰা নাই।

জানিব পৰা মতে, ৰহিংগীয়া সম্পৰ্কে বাতৰি পৰিৱেশন কৰি আহিছিল সাংবাদিক দুগৰাকীয়ে। আনহাতে, এই প্ৰসংগতে সাংবাদিক দুগৰাকীয়ে আৰক্ষীৰ সৈতে যোগাযোগ কৰি আহিছিল। কিন্তু আজি ৰয়টাৰ্ছৰ সাংবাদিক দুজনে আৰক্ষীক লগ কৰিবলৈ যোৱাৰ সময়তে গ্ৰেপ্তাৰ কৰা হয়। 

সাংবাদিক দুজনে যিকেইজন আৰক্ষী বিষয়াৰ সৈতে সম্পৰ্ক স্থাপন কৰিছিল তেওঁলোককো সুৰক্ষা বাহিনীয়ে গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। এই ঘটনাক কেন্দ্ৰ কৰি উদ্বেগ প্ৰকাশ কৰিছে ৰয়টাৰ্ছৰ গ্লোবেল কমিউনিকেচনৰ প্ৰধান এবে ছেৰফ’ছে। 

Leave a Reply

Your email address will not be published. Required fields are marked *

*