শেহতীয়া
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / ৰাষ্ট্ৰীয় / ​অভিনেত্ৰী জাইৰাৰ গাত ভৰি লগাটো নাছিল ইচ্ছাকৃত এই দাবী অভিযুক্তৰ

​অভিনেত্ৰী জাইৰাৰ গাত ভৰি লগাটো নাছিল ইচ্ছাকৃত এই দাবী অভিযুক্তৰ

নিউজ ডেস্ক,প্ৰথম খবৰ:
দঙ্গল কন্যা ৰূপে পৰিচিত অভিনেত্ৰী জাইৰাৰ গাত বিমানত ভৰি লগাটো আছিল অনিচ্ছাকৃত ঘটনা। যাৰ বাবে তেওঁ অভিনেত্ৰী গৰাকীৰ ওচৰত ক্ষমা বিচাৰিছিল। গ্ৰেপ্তাৰৰ পিছত পুলিচৰ আগত এই কথা প্ৰকাশ কৰে অভিনেত্ৰী জাইৰা ৱাছিমক শ্লীলতাহানিৰ গোচৰত অভিযুক্ত বিকাশ শচদেবে। নিজৰ ভুল স্বীকাৰ কৰাৰ পাছতো স্বামীৰ বিৰুদ্ধে শ্লীলতাহানিৰ অভিযোগ তুলি গোচৰ ৰুজু কৰা বাবে অভিনেত্ৰী গৰাকীক তীব্ৰ নিন্দা কৰে বিকাশৰ স্ত্ৰী দিব্যাই।বিকাশ শচদেব মুম্বাইৰ আন্ধেৰিৰ বাসিন্দা আৰু ঘটনাৰ দিনা তেওঁ দিল্লীত মোমায়েকৰ শেষকৃত্যত সমাপ্ত কৰি মুম্বাইলৈ উভতিছিল এই কথা প্ৰকাশ কৰে পুলিচ প্ৰশাসনৰ আগত। গোটেই দিনটো পৰিশ্ৰম কৰি তেওঁ অত্যন্ত ভাগৰুৱা হৈ পৰিছিল আৰু বিমানত উঠিয়েই শুই গৈছিল। বিমানত তেওঁৰ সন্মুখৰ আসনত আছিল অভিনেত্ৰী জাইৰা। টোপনিৰ মাজতেই কেনেকৈ অভিনেত্ৰী জাইৰাৰ কান্ধত তেওঁৰ ভৰি লাগিল তেওঁ গমেই নাপালে। অভিনেত্ৰী গৰাকীয়ে ইয়াৰ প্ৰতিবাদ জনোৱাত সাৰ পোৱাৰ পাছত বিকাশে অভিনেত্ৰীগৰাকীৰ ওচৰত অনিচ্ছাকৃত ভুলৰ বাবে ক্ষমা বিচাৰিছে বুলি আৰক্ষীৰ আগত প্ৰকাশ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*