শেহতীয়া
Home / শীৰ্ষ / আৰ্লেং (৫)

আৰ্লেং (৫)

আৰ্লেং

(কাৰ্বি আংলঙৰ পটভূমিত)

নিৰ্মালি সন্দিকৈ

(৫)

চাংকুৰ বজাৰত লাহে লাহে গ্ৰাহকৰ ভিৰ বাঢ়িছিল। ঔটেঙাৰপৰা কাঠফুলালৈ, ৰঙালাওৰপৰা বনৰীয়া কলদিললৈ, সৰু চেনিপুঠিৰপৰা ডেকেৰুৱা হাঁহলৈ সকলো লোভনীয় বস্তুৰ সম্ভাৰ লৈ পাহাৰীয়া কষ্টসহিষ্ণু মাইকী মানুহখিনিয়ে বাঁহ-বেতৰ হোৰাটো কঢ়িয়াই বজাৰ মেলেহি। সেই সময়ত চহৰৰ প্ৰায় সকলো মানুহেই অফিচ, স্কুলৰপৰা আহি বজাৰত এপাক হ’লেও সোমায়।

উভটি যোৱাৰ বাটত মানুহবোৰ কোনেও খালি হাতে নেযায়। জালি কোমোৰাৰপৰা মানধনিয়ালৈকে সকলো মনে বিচৰা শাক-পাতেই মানুহে চাংকুৰত পায়। চাৰ্থেৰ বৌৱেকৰ লগত হুণমিলি প্ৰথমবাৰৰ বাবে বজাৰত বহিলগৈ। তাইৰ বেতৰ হোৰাটোত আছিল শুকান গাহৰিৰ মঙহ, বেতগাঁজ, খৰিছা, কাঠফুলা আৰু তৰা গঁজালি।

অচিনাকি আচহুৱা পৰিৱেশটোত তাই ঘামি উঠিল। চাৰ্থেৰ বৌৱেকে তাইক নিজৰ কাষতে বহুৱাই ল’লে। এইখন বজাৰত সকলো বিক্ৰেতাই মহিলা। কোনেও গ্ৰাহকক লৈ টনা আঁজোৰা নকৰে। সেয়ে গ্ৰাহকেও ইয়াত আহি বজাৰ কৰিবলৈ ভালপায়। বঙালী বেপাৰীৰ দৰে হৈ হাল্লা অথবা ভৰি দিব নোৱাৰা লেতেৰা পৰিৱেশ ইয়াত নাই। কাৰণ কোনো বিক্ৰেতাই ইয়াত পলিথিন ব্যৱহাৰ নকৰে।

সঁজাত বন্দী ভীত চৰাই এজনীৰ দৰে হুণমিলিয়ে গ্ৰাহকলৈ বাট চাই ৰ’ল। তাই আহিবৰ পৰত পদূলিলৈকে আগবঢ়াই দিয়া শাহুৱেক কাদমৰ কৰুণ চকুহাল তাইৰ চেৰেং চেৰেঙকৈ মনত পৰি থাকিল। শাহুৱেকে তাইক বজাৰত বহাটো কেতিয়াও পছন্দ নকৰে। কিন্তু তাইৰ মনৰ ইচ্ছা পূৰণ হওক বুলিয়েই তেওঁ নিজেই বস্তুবোৰ বান্ধি-কুন্ধি পঠিয়াই দিছে।

মানুহবোৰে চাকিবোৰ জলাই ল’বৰ সময়তে হুনমিলিহঁত যাবলৈ ওলাল। চাৰ্থেৰ বৌৱেকৰ কুকুৰা কণী দুটামান ৰৈ গৈছিল। তাই ভালেই পাইছিল। ল’ৰা-ছোৱালীহঁতক তাই আজি কণীকেইটা খুৱাবগৈ পাৰিব।

হুণমিলিৰ উপাৰ্জন ভাল। তাই নিয়া শুকান গাহৰি মঙহ আৰু বেতগাঁজখিনি বিক্ৰী হৈছিল। বাকী থকাখিনি হোৰাটোত ভৰাই তাই পিনিখনেৰে মুখ মোহাৰিলে আৰু চাৰ্থেৰ বৌৱেকক ক’লে,”নি, মোক তোমাৰ চিনাকি কিতাপৰ দোকানখনলৈ লৈ ব’লা। কাইলৈৰ পৰা আমাৰ চাৰলংকি স্কুললৈ যাব নহয়। এস্ তাৰ কাৰণে কুকুৰা মঙহ অকণো ল’বলৈ আছিল!!” তাইৰ অন্তৰৰ আকুলতাখিনি কথাষাৰত ফুটি উঠিল। 

দুইজনীয়ে বাট বুলিলে। হাফপেন্ট পিন্ধি স্কুললৈ ওলোৱা চাৰলংকিৰ কাল্পনিক অৱয়ৱটোৱে হুণমিলিৰ খোজৰ গতি বঢ়াই দিলে। তাইৰ মনটো উদগ্ৰীৱ হৈ পৰিল। ল’ৰাটোৱে চাগৈ ঘনে ঘনে বাটলৈ চাইছে ।             (আগলৈ)

+++
(শব্দাৰ্থ: আৰ্লেং- মানুহ, স্বজাতি, সুহৃদ; প’- দেউতা; হেম্ফু আৰ্ণাম- ভগৱান, নি- বাইদেউ )

Leave a Reply

Your email address will not be published. Required fields are marked *

*