শেহতীয়া
Home / বিনোদন / অভিনেতা-পৰিচালক নীৰজ ভোৰা আৰু নাই

অভিনেতা-পৰিচালক নীৰজ ভোৰা আৰু নাই

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ: বলিউডৰ অভিনেতা – পৰিচালক – চিত্ৰনাট্যকাৰ নীৰজ ভোৰা আৰু আমৰ মাজত নাই। পৃথিৱীৰ মায়া এৰি গুচি গ’ল এক অজান দেশলৈ। বৃহস্পতিবাৰে ৰাতিপুৱা মুম্বাইৰ এখন চিকিৎসালয়ত মৃত্যু হয় তেওঁৰ। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ৫৪ বছৰ। ২০১৬ বৰ্ষত হৃদৰোগত আক্ৰান্ত হৈ কোমালৈ গুচি গৈছিল তেওঁ। তেতিয়াৰেপৰা প্ৰযোজক ফিৰোজ নাদিয়াদৱালাৰ বাসগৃহত চলিছিল নীৰজৰ চিকিৎসা। বুধবাৰে ৰাতি নীৰজৰ অৱস্থা অতি সংকটজনক হোৱাত চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও অভিনেতা – পৰিচালক গৰাকী আৰু সুস্থ হৈ নুঠিল।

জীৱন যুঁজত হাৰ মানি বৃহস্পতিবাৰে তেওঁ আমাৰ মাজৰ পৰা আতৰি গ’ল । ‘ৰাজু বন গ্যায়া জেন্টলমেন’, ‘বাদশা’, ‘মস্ত’, ‘ৰঙ্গীলা’, ‘পুকাৰ’, ‘ধৰকন’, ‘কম্পেনী’, ‘ৱেলকম বেক’ আদি বলিউডৰ সফল ছবিত সুন্দৰ অভিনয় কৰিছিল। ১৯৯৫ চনৰ আমিৰ খান অভিনীত ছবি ‘ৰঙ্গীলা’ত অভিনয় কৰাৰ লগতে দৰ্শকৰ মন মুগ্ধ কৰা সংলাপবোৰ আছিল তেওঁৰ নিজৰ লিখা।

২০০০ চনৰ এখন জনপ্ৰিয় ছবি ‘হেৰাফেৰিৰ’ চিত্ৰনাট্য তেওঁ লিখিছিল। জনপ্ৰিয় ছবি ‘ফিৰ হেৰাফেৰি’ ৰ লগতে ‘খিলাড়ী ৪২০’ তেওঁ পৰিচালনা কৰিছিল। বৃহস্পতিবাৰে ৰাতিপুৱা নীৰজ ভোৰাৰ মৃত্যুৰ খবৰ জানিবলৈ দিয়ে পৰিচালক অশোক পণ্ডিতে। নীৰজৰ অকাল মৃত্যুত শোকস্তব্ধ হৈ পৰে বলিউড মহলৰ লগতে তেওঁৰ অনুৰাগী সকল।

Leave a Reply

Your email address will not be published. Required fields are marked *

*