নিবন্ধবিনোদন

২০১৮ সমাগত: প্ৰকৃতিৰ  কুঁৱলীৰ মায়াজাল ফালি চৌদিশে এতিয়া বনভোজৰ জোঁৱাৰ

দেৱজিৎ গগৈ

চাওঁতে চাওঁতে এটা বছৰে মেলানি মাগিলে বহু সুখ-দুখ হাঁহি-কান্দোনৰ মাজেৰে অতীতৰ বুকুত সোমাই পৰিল বছৰটো পুৰণি হৈ পৰিল অনেক ভাল-বেয়া ক্ৰতি বিচ্যুতিৰ কথা। অলেখ অশুভৰ মাজতে অনেক প্ৰেৰণা দায়ক স্মৃতিও বছৰটোৱে এৰি যায় ভৱিষ্যতৰ বাবে।

যিবোৰৰ স্মৰণে ভৱিষ্যতৰ বাবে ইতিহাসৰ পাত ৰঞ্জিত কৰে। আকৌ কিছুমান সোণালী আখৰেৰে ইতিহাস ৰচাৰ সমল হৈয়ো থাকি যায় যুগ-যুগান্তৰলৈ অতীত হ’বলৈ ধৰা বছৰটোক হাজাৰ চেষ্টা কৰিও ধৰি ৰাখিব পৰা নাযায়। সময় গতিশীলতাক বাধা দি কোনেও ৰাখিব নোৱাৰে। আৰু মাজত মাথোঁ এটা দিনৰ অপেক্ষাত অন্ততঃ ২০১৭ চনটি বুৰঞ্জীত কেৱল স্মৃতি হৈ ৰ’ব। আৰম্ভ হ’ব বহু প্ৰত্যাশিত ২০১৮। ইংৰাজী নতুন বছৰ আৰু নতুন দিনৰ হেঙুলী সূৰ্যোদয়।

নতুন বছৰৰ আদৰণি পৰত নানা তৰহেৰে ৰং ৰহস্য কৰি ইয়াৰ এক উৎসৱ মূখৰ পৰিৱেশৰ মাজলৈ লৈ যায়। যিয়ে সকলোকে প্ৰাণ প্ৰাচুৰ্যময় কৰি তোলে। নতুন আশা-আকাংক্ষাবোৰ সকলোৰে মন উদ্বেলিত কৰি তোলে। ৰোমাণ্টিক হৈ পৰে সকলো আৱেগ অনুভূতি মনৰ মাজত নিৰ্বাসন হওক দুখৰ ৰাতিবোৰ নতুন বছৰত তথাপি দুৱাৰমুখত ইংৰাজী নৱবৰ্ষৰ। নৱবৰ্ষক বিভিন্ন ধৰণে ৰং ৰহস্য মাজেৰে আদৰণি জনাবলৈ এতিয়া সাজু সকলো। শীতৰ সেমেকা নিৰিবিল প্ৰকৃতিৰ কুঁৱলীৰ মায়াজাল ফালি চৌদিশে এতিয়া বনভোজৰ জোঁৱাৰ। শীতৰ শেতেলী এৰি ৰ’দ কাঁচলিৰ উমৰ মাজত জনতাই ভিৰ কৰেগৈ বিভিন্ন ঠাই। চৰাইদেউ জিলাৰ আহোম ৰাজত্বৰ চৰাইদেউ ছ্যুকাফা ক্ষেত্র অথবা ডিব্ৰুগড় জিলাৰ বগিবিল আদি ঠাইত চৌপাশে কেৱল বনভোজৰ সুগন্ধি ।

আগন্তুক নতুন বৰ্ষটোৱে আমাৰ সকলোৰে বাবে কঢ়িয়াই আনক ঐক্য, সম্প্ৰতি আৰু ভাতৃত্ববোধৰভাৱ। যাতে সকলোৱে কামনা কৰা শান্তিময় পৰিৱেশৰ পৃথিৱীখন ঘূৰাই পাব পাৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close