অসমউত্তৰ পূব

বেডমিণ্টন প্ৰিমিয়াৰ লীগৰ উদ্বোধনী খেল গুৱাহাটীত

নিউজ ডেস্ক,প্ৰথম খবৰ:  আন্তঃৰাষ্ট্ৰীয় টি-টুৱেণ্টী মেচ, বিশ্ব বক্সিং চেম্পিয়নশ্বীপ আৰু হিৰো ইণ্ডিয়ান ছুপাৰ লীগৰ পিছত এইবাৰ গুৱাহাটীত অনুুষ্ঠিত হব বেডমিউণ্টন প্ৰিমিয়াৰ লীগ৷ তৃতীয় বৰ্ষৰ বাবে অনুষ্ঠিত হবলগীয়া এই লীগত প্ৰথম বাৰৰ বাবে অংশ লব ‘নৰ্থ-ইষ্ট-ৱাৰিয়ৰ্ছ’ দলে৷

ভাৰতৰ চাৰিখন ৰাজ্যত অনুষ্ঠিত হবলগীয়া এই লীগৰ উদ্বোধনী খেলখন অনুষ্ঠিত হব গুৱাহাটীৰ সৰুসজাই ইন্দোৰ ষ্টেডিয়ামত৷ ২৩ ডিচেম্বৰৰ পৰা হবলগীয়া এই লীগৰ উদ্বোধনী খেলত ভাগ লব ভাৰতৰ সাইনা নেহৱাল আৰু পি ভি সিন্ধুকে আদি কৰি বিশ্বৰ বহু বেডমিণ্টন তাৰকা৷ অহা ২০ ডিচেম্বৰত সমূহ বেডমিণ্টন তাৰকাই অৱস্থান কৰিব গুৱাহাটীত।

ভাৰতীয় বেডমিণ্টন দলৰ সভাপতি ড° হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়া মতে বেডমিণ্টন প্ৰিমিয়াৰ লীগৰ সফল ৰূপায়ণৰ বাবে ইতিমধ্যে যাবতীয় প্ৰস্তুতি আৰম্ভ কৰিছে কৰ্তৃপক্ষই৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close