অসম

BREAKING NOW-ৰঙিয়াত চাৰিটাকৈ নাবালক শিশু উদ্ধাৰ

 

প্ৰথম খবৰ, ৰঙিয়া  :১২ ডিচেম্বৰ :ৰঙিয়া তিনিআলিৰ ভাৰত- ভূটান পথত আজি নিশা প্ৰায় ১০ বজাত চাৰিজন শিশুয়ে অনাই বনাই ঘুৰি থকা দেখি স্থানীয় ৰাইজৰ সন্দেহ উপজে । ৰাইজে তেওঁলোকক সোধা পোছা কৰে যদিও কোনো ধৰণৰ উত্তৰ দিব নোৱাৰে । ফলত ৰঙিয়া থানাত অৱগত কৰি তেওঁলোকক থানাৰ জিম্মাত চমজাই দিয়ে। শিশু কেইটাৰ বয়স আনুমানিক ৫/৬ বছৰৰ হব। শিশু চাৰিটাক কোনোবা মানৱ সৰবৰাহকাৰী ব্যক্তিয়ে ফুচুলাই বিক্ৰী কৰাৰ বাবে লৈ আহিছিল বুলি ৰাইজৰ সন্দেহ । ৰাইজৰ সচেতনতাৰ বাবে  নাবালক শিশু চাৰিটা মানৱ সৰবৰাহকাৰীৰ কৱলৰ পৰা ৰক্ষা পাবলৈ সক্ষম হয়। ৰঙিয়া আৰক্ষীয়ে ইতিমধ্যে নাগ্ৰিজুলি আৰক্ষীৰ লগত যোগাযোগ কৰিছে বুলি জনা গৈছে ।

Related Articles

Leave a Reply

Close