অসমশীৰ্ষ

প্ৰথম খবৰৰ সাংবাদিকক হত্যাৰ ভাবুকি

নিউজ ডেস্ক, প্ৰথম খবৰ: মাজুলী জিলাৰ অন্তৰ্গত উজনি মাজুলীৰ প্ৰথম খবৰৰ সাংবাদিকক হত্যাৰ ভাবুকি দুৰ্বৃত্তৰ। উল্লেখ্য যে সাংবাদিকজনৰ এটা বাতৰিক কেন্দ্ৰ কৰি কিছুসময়ৰ পূৰ্বে অচিনাক্ত দুৰ্বৃত্তই প্ৰাণে মৰাৰ ভাবুকি দিয়ে সাংবাদিকজনক।

আজি বিয়লি ৯১০১০৭৫৪৭৪২০ নম্বৰৰ পৰা ফোন যোগে এজন লোকে প্ৰথম খবৰৰ উজনি মাজুলীৰ সাংবাদিক প্ৰাঞ্জল খাউণ্ডক প্ৰাণে মৰাৰ ভাবুকি দিয়াত উজনি মাজুলীত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ঘটনা অনুসৰি সাংবাদিকজনৰ এটা বাতৰিত অভয়পুৰ চাৰিআলিৰপৰা ৰতনপুৰ সংযোগী পথটোৰ মেৰামতি সম্পৰ্কে লিখা হৈছিল। কিন্তু ফোনত শিলিখাগুৰিৰ মিলন সংঘৰ সভাপতি বুধিন শইকীয়া বুলি চিনাকি দি সাংবাদিকজনক এই চাৰিআলিটোৰ নাম শিলিখাগুৰি কিয় নিলিখিলি তোক চাই লম, তই আমাৰ গাঁৱৰ শত্ৰু, তই আমাৰ গাঁৱলৈ আহিলে তোক চাই ল’ম আৰু বিভিন্ন অশ্লীল ভাষাৰে গালি পাৰি প্ৰণে মৰাৰ ভাবুকি দিয়ে।

তই এইফালে নাহিবি, তোক চিধা কৰি দিম, মই সংঘৰ সভাপতি হিচাপে কৈছোঁ বুলি ভাবুকি দিয়াত উজনি মাজুলীৰ সচেতন মহলত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। অসমত সাংবাদিক নিগ্ৰহৰ দৰে ঘটনা সঘনাই হৈ থকাৰ মাজতে এটা সৰু কথাতে মাজুলীত এইদৰে সাংবাদিকক দিয়া কাৰ্যত মাজুলী জিলা সাংবাদিক সন্থাই তীব্ৰ ভাষাৰে গৰিহণা দিছে। সাংবাদিকৰ সুৰক্ষাৰ বাবে এতিয়া মাজুলী জিলা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে তালৈ অপেক্ষা কৰিছে সচেতন জনতাই। প্ৰথম খবৰেও এই ঘটনাক তীব্ৰভাৱে নিন্দা কৰিছে।

Related Articles

Leave a Reply

Close