অসমশীৰ্ষ

ভূৱা মাৰ্কশ্বিট আৰু প্ৰমাণপত্ৰৰে চাকৰিৰপৰা অৱসৰ পৌৰসভাৰ মুখ্য সহায়কৰ

প্ৰথম খবৰ, লামডিং: ৰাজ্যত এতিয়া ইটোৰ পাছত সিটোকৈ ভুৱা প্ৰমাণপত্ৰৰে চাকৰি লোৱাৰ কেলেংকাৰি পোহৰলৈ আহিছে ৷ এপিএচচি কেলেংকাৰিয়ে ৰাজ্য কঁপাই যোৱাৰ সময়তে এইবাৰ আন এক ঘটনা পোহৰলৈ আহিছে৷

এই ঘটনা পোহৰলৈ আহিছে এইবাৰ হোজাই জিলাৰ লামডিঙত৷ গোটেই জীৱন ভূৱা মাৰ্কশ্বিট আৰু প্ৰমাণপত্ৰৰে চাকৰি কৰি জীৱন কটালে লামডিঙৰ এইজন মহাপুৰুষে ৷ নাম প্ৰশান্ত চৌধুৰী৷ লামডিং পৌৰসভাৰ মুখ্য সহায়ক৷ ৩০ নবেম্বৰত তেওঁৰ চাকৰিৰ সময় শেষ৷ তেনেসময়তে পোহৰলৈ আহিছে এক ভয়ংকৰ তথ্য৷

লামডিং পৌৰসভাৰ সভানেত্ৰীগৰাকীয়ে হঠাতে তেওঁৰ মাৰ্কশ্বিট আৰু প্ৰমাণপত্ৰ দেখি হতভম্ব হৈ পৰে৷ কিয়নো ১৯৭৫ চনতে পাছ কৰা প্ৰশান্তৰ মেট্ৰিকৰ প্ৰমাণপত্ৰখনত লিখা আছে ১৫৬ আৰু নম্বৰৰ ঠাইডোখৰ সম্পূৰ্ণ  উকা৷ সেইখন দেখি লগে লগে সভানেত্ৰীগৰাকীয়ে প্ৰশান্ত চৌধুৰীয়ে পঢ়া বিদ্যালয়খনত গৈ পুৰণি তথ্য বিচৰাত তাত পাছ বুলিয়ে লিখা আছিল যদিও লামডিং পৌৰসভাৰপৰা এইখন চিঠি ছেবালৈ প্ৰেৰণ কৰে আৰু তাৰ উত্তৰত  ছেবাৰপৰা প্ৰশান্ত চৌধুৰীৰ সকলো প্ৰমাণপত্ৰ আৰু মাৰ্কশ্বিট ভূৱা বুলি উত্তৰ আহে৷

তাৰ পাছতেই সমগ্ৰ লামডিঙত চাঞ্চল্যৰ সৃষ্টি হয় আৰু পৌৰসভাৰ সভানেত্ৰী স্বস্তিকা ৰাউতে লামডিং আৰক্ষী থানাত প্ৰশান্ত চৌধুৰীৰ বিপক্ষে ২১০/১৭ নম্বৰত গোচৰ ৰুজু কৰে আৰু তাৰফলত প্ৰশান্ত চৌধুৰীক বিচাৰি আৰক্ষীও আহি উপস্থিত হয়হি লামডিং পৌৰসভাত।

কিন্তু তেওঁ চিকিৎসাৰ বাবে গুৱাহাটীলৈ যোৱা বুলি জানিব পৰাত আৰক্ষী উভতি যায়৷ প্ৰশ্ন হৈ ভূৱা ছাৰ্টিফিকেট লৈ কিদৰে এজন মানুহে ইমান বছৰ ধৰি চাকৰি কৰিলে? এই দুৰ্নীতিৰ কথা ইমান বছৰে কিয় পোহৰলৈ নাহিল? ব’ৰ্ডৰপৰা প্ৰশান্তৰ প্ৰমাণপত্ৰ ভুৱা বুলি আহাৰ বিপৰীতে লামডিং নেচেনেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তথ্যত কিদৰে পাছ কৰা বুলি লিখিত আহিল?

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close