শেহতীয়া
Home / মহিলা / শীতৰ সময়ত চুলিৰ যতন

শীতৰ সময়ত চুলিৰ যতন

নিলোফা ৰহমান

শীতৰ দিন কেইটাত নিজৰ চুলিকোচা সুন্দৰকৈ ৰখাটো এটা ডাঙৰ সমস্যা। চুলি সৰা আৰু উফিৰপৰা মুক্ত হ’বলৈ এই সময়ছোৱাত চুলি কোচা ভালকৈ ৰাখিবলৈ কি কৰিব?

১) চুলিৰ সৌন্দৰ্য বৃদ্ধিৰ কিছুমান সুন্দৰ সুন্দৰ টিপচ ব্যৱহাৰ কৰি আমি আমাৰ চুলিকোচা সুন্দৰকৈ ৰাখিব পাৰোঁ।

২) অলিভ অইলৰদ্বাৰা চুলিৰ যতনঃ অলিভ অইল ব্যৱহাৰ কৰি আমি আমাৰ চুলিকোচা সৌন্দৰ্য কৰি তুলিব পাৰোঁ।

৩) গৰম তেলেৰে মালিচঃ নাৰিকল তেল কুহুমীয়া গৰম কৰি মূৰত ১০ মিনিটৰ বাবে মালিচ কৰিলে এসপ্তাহতে চুলি সৰা বন্ধ হয়।

৪) কণীৰ ব্যৱহাৰঃ কৃত্ৰিম কণ্ডিচনাৰ ব্যৱহাৰ কৰাৰ ফলত চুলিৰ বহুতো ক্ষতি হয়। কণীৰ ব্যৱহাৰ কৰি চুলিকোচা সুন্দৰকৈ কণ্ডিচনাৰ কৰিবপৰা যায়। এটা কণী দুটুপাল নাৰিকল তেল লৈ ভাল কৈ মিশ্ৰণ কৰি সপ্তাহত দুদিনকৈ কণ্ডিচনাৰ কৰিলে ভাল ফল পোৱা যায়।

৫) সুন্দৰ চুলিৰ বাবে দৈৰ ব্যৱহাৰঃ দৈৰ ব্যৱহাৰে শুকান চুলিকোচা কোমল কৰি তোলে। একাপ দৈত নেমুৰস মিশ্ৰণ কৰি ২০ মিনিটৰ বাবে চুলিত ৰাখি ভালদৰে চেম্পু কৰি দিলে অতি শীঘ্ৰে উফিৰপৰা মুক্ত হ’ব পৰা যায়।

৬) মিথিগুটিৰ ব্যৱহাৰঃ ৰান্ধনি ঘৰতে অতি সহজতে পোৱা মিথিগুটি ব্যৱহাৰ কৰি সুস্থ চুলিৰ অধিকাৰী হ’ব পৰা যায়। ৰাতি মিথিগুটি তিয়াই ৰাখি পাছৰ দিনা মিথিগুটি খিনি পেষ্ট কৰি এটা কণী, দৈ, মিশ্ৰণ কৰি চুলিত ২৫ মিনিটৰ বাবে লগাই ৰাখিব লাগে।তাৰ পাছত ভালদৰে ছেম্পু কৰিব লাগে।

৭) এলভেৰা জেলঃ উজ্জ্বল চুলিৰ অধিকাৰী হ’বলৈ হ’লে এলভেৰা জেল ব্যৱহাৰ কৰক। এলভেৰা দুকুৰা কৰি জেলখিনি উলিয়াই লৈ তাৰ সৈতে পানী মিহলাই এঘণ্টাৰ বাবে চুলিত লগাই ৰাখক। সপ্তাহত এদিন কৈ ব্যৱহাৰ কৰক।

৮) আমলখিৰ ব্যৱহাৰঃ আমলখি চুলিৰ বাবে বহুত উপযোগী। আমলখিৰ ৰস সপ্তাহত দুদিনকৈ ব্যৱহাৰ কৰিলে অতি সোনকালে সুস্থ চুলিৰ অধিকাৰী হ’ব পাৰে।

৯) সতেজ শাক-পাচলিৰ ব্যৱহাৰঃ আমি প্ৰত্যেকেই ভিতৰৰপৰা সুস্থ হ’বলৈ হ’লে ভিতৰৰপৰা চুলি কোচা সুন্দৰ কৰি ৰাখিবলৈ হ’লে আমি সতেজ সেউজীয়া শাক-পাচলিৰ ব্যৱহাৰ কৰিব লাগিব। প্ৰত্যেক দিনাই সেউজীয়া শাক-পাচলিৰ ব্যৱহাৰৰ পৰিমাণ বঢ়াই নিব লাগিব।

১০) মৌৰ ব্যৱহাৰ কৰি চুলিৰ সতেজতাঃ মৌ ব্যৱহাৰ কৰি সুস্থ চুলিৰ অধিকাৰী হ’বপৰা যায়। প্ৰত্যেক দিনা গা-ধূৱাৰ আগতে ৫ মিনিট মৌৰে চুলিখিনি মালিচ কৰিলে চুলিৰ উজ্জ্বলতা বৃদ্ধি হয়।

শেষত নিজকে সুস্থ কৰি ৰাখিবলৈ হ’লে চিন্তাৰপৰা নিজকে আঁতৰত ৰাখিব লাগে, চিন্তাৰপৰা আঁতৰি থাকিবলৈ যোগ, গান, শুনা, নৃত্য কৰা, কিতাপ পঢ়া। আদি কামবোৰ দিনত ৩০ মিনিট হ’লেও নিজৰ বাবে সময় উলিয়াই কৰিব লাগে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*