শেহতীয়া
Home / যুৱ / সুন্দৰ হাঁহিৰে জীৱনটো সুন্দৰ কৰি তোলক

সুন্দৰ হাঁহিৰে জীৱনটো সুন্দৰ কৰি তোলক

নিলোফা ৰহমান 

জীৱনে হ”ল বিশ্বব্ৰহ্মাণ্ডৰ আটাইতকৈ মহান বস্তু গতিকে আমি আমাৰ এই সুন্দৰ জীৱনটো হাঁহিৰে অতিবাহিত কৰিব লাগে।
১। হাঁহি হৈছে জীৱনৰ আটাইতকৈ সুন্দৰ বস্তু। হাঁহিয়ে জীৱনটো সুন্দৰ কৰি তোলে। হাঁহি জীৱনৰ সফলতাৰ প্ৰথমখন জখলা। জীৱনত যিমানেই ঘাট-প্ৰতিঘাট নাহক কিয় আমি প্ৰত্যেকেই হাঁহি থাকিব লাগে।
২। জীৱনত ঘাট-প্ৰতিঘাত যথেষ্ট আহে তথাপিও মুখত এটা সুন্দৰ হাঁহিৰ প্ৰয়োজন। কিয়নো জীৱনতো সুন্দৰকৈ অতিবাহিত কৰিবই লাগিব তেনেহলে হাঁহিৰে জীৱনটো অতিবাহিত কৰাত কি অসুবিধা?
৩। জীৱনতো এটা সুন্দৰ সপোন সেইবাবে হাঁহিবলৈ হেপাঁহ থাকিব লাগে,দুখবোৰো সুখত অতিবাহিত হৈ যাব। কেৱল হাঁহিটো অভ্যাসত পৰিণত কৰিব লাগে।

৪। চিন্তা পাহৰি জীৱনত মন খুলি হাঁহক,জীৱনত চিন্তাৰ কাৰণো কিমান কম আছে, ভাল বেয়া কেৱল আমাৰ জীৱনৰ এটা এটা ভ্ৰম, জীৱনৰ নামে হৈছে কেতিয়াবা সুখ নাইবা দুখ। সেইবাবে সুখতো হাঁহি আৰু দুখতো হাঁহি।
৫। জীৱনটো হাঁহি হাঁহি অতিবাহিত কৰক কাৰণ আপোনাৰ হাঁহি কাৰোবাৰ বাবে সুখৰ কাৰণ হ’ব পাৰে।
৬। জীৱনত যেতিয়া কোনো এটা মুহূৰ্তত আমি বিপদত পৰোঁ তেতিয়া এই হাঁহিটোৱেই আমাক বহুত বেছি সহায় কৰে।

মানুহে এই পৃথিৱীখনত নিজৰ জীৱনটো নিজেই কঠিন কৰি তুলিছে চাৰিওফালে আছে কেৱল অশান্তি অৰ্থহীন প্ৰতিযোগিতা গতিকে জীৱনৰ বাহিৰে অইন কোনো মহান বস্তু নাই। সেইবাবেই আমি সুন্দৰ জীৱনটোত হাঁহি থাকিব লাগে। সময় সকলোৱে পায় জীৱনটো সলনি কৰিবলৈ কিন্তু জীৱন দুনাই নাপায় সময় সলনি কৰিবলৈ সেইবাবে প্ৰতিটো মুহূৰ্ত আমি হাঁহি হাঁহি অতিবাহিত কৰিব লাগে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*