শেহতীয়া
Home / সাহিত্য / কবিতা / নষ্ট পখী

নষ্ট পখী

পুনম পেনিলোপ নাথ

মেটেকা ফুল মোৰ প্ৰিয়..
তথাপি মন হালধীয়াতে মগ্ন..
হালধীয়া চৰায়ে
গায় যায় কাণে কাণে
গোপন অমিয়া সুৰ..
আজিকালি আকৌচোন..
ওচৰ চাপিছে দূৰ..

নীলাবোৰ দেখি..
ওচৰ কিয় আহিছ পুনৰ..
তই নষ্ট পখী..
সঁজাত বন্দী সজাতে থাক..
নিদিবি ঘনে উৰুলি..
বনত আহিবি ঘনত সোমাবি..
ওলাব নকৰ মন..
ৰঙ সানি গাত উলাহত নাচঁ..
তিতি যায় ববচা বন..
সঁজাৰ লগৰীৰ সজাৰ বাউলি..
ধৰিব নোৱাৰা মন..
আকৌ আহিম কৈ
ওলাই যাৱ তই..
ভাগি যায় হিয়া খন..

অঁকৰা হিয়াৰ অভাগি বেথা..
নুবুজে কোনেও সখা…
সঁজাৰ পৰা ওলাই..
অচিনা দেশলৈ মোকো এইবাৰ তই লৈ যা…
গোপন সাধুৰ মেটমৰা কথা..
কিমান আৰু কম…
কাইলৈ আহিবি আকৌ শুনিবি …
আকৌ বুলাবি ৰঙ…
তিতিব ববচা বন….
উশাহ ঘন ঘন…

Leave a Reply

Your email address will not be published. Required fields are marked *

*