ফটো ফিচাৰমহিলাযুৱ

জনপ্ৰিয়তাৰ পথত মেকআপ আৰ্টিষ্ট পূবালী

সঞ্জীৱ দাস:

ৰাজ্যখনত ভিচিডি, ছবি, গীতৰ দৃশ্যৰূপ নিৰ্মাণৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে৷ ইয়াৰ লগে লগে বৰ্তমান সময়ত মেক আপ আৰ্টিষ্টসকলৰো জনপ্ৰিয়তা বৃদ্ধি পইছে। পিছে এইক্ষেত্ৰত বেছিভাগ মেকআপ আৰ্টিষ্টয়ে বৰ্তমান সময়তো আগুৱাব পৰা নাই,ইয়াৰ মাজতে নিজৰ আত্মবিশ্বাসৰে উজলি উঠিছে পূবালী দত্ত নামৰ এগৰাকী মেকআপ শিল্পী৷

পূবালী তেনেই নতুন এই ক্ষেত্ৰখনত৷ মাত্ৰ ছমাহ আগেয়ে তেওঁ মেক আপ শিল্পী হিচাপে আত্মপ্ৰকাশ কৰিছে৷ কিন্তু এই কম সময়খিনিতে তেওঁ নিজৰ দক্ষতাৰে উজলি উঠিবলৈ সক্ষম হৈছে। শিৱসাগৰৰ বোৱাৰী পূবালী দত্তই ইতিমধ্যে অৰ্ধশতাধিক মিউজিক ভিডিঅ’ত মেকআপ আৰ্টিষ্ট হিচাপে নিজৰ দক্ষতা দেখুৱাইছে। তেওঁ একে সময়তে ৱেডিং মেকআপ কামতো নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে।

Related Articles

Leave a Reply

Close