শেহতীয়া
Home / অসম / চাঞ্চল্যকৰ যোগদল হত্যাকাণ্ডৰ নতুন মোৰ, অনুসন্ধানকাৰী আৰক্ষীকে গ্ৰেপ্তাৰ

চাঞ্চল্যকৰ যোগদল হত্যাকাণ্ডৰ নতুন মোৰ, অনুসন্ধানকাৰী আৰক্ষীকে গ্ৰেপ্তাৰ

নিউজ ডেস্ক, প্ৰথম খবৰ:বিগত বিধান সভা নিৰ্বাচনৰ সময়ত বিজেপি প্ৰাৰ্থী অতুল বৰাই সোণাপুৰৰ নিৰ্বাচনী সভাত কৈছিল-নিৰ্বাচনত জয়ী হ’লে খোল খাব যোগদল হত্যাকাণ্ডৰ ফাইল৷ নিৰ্বাচনত জয়ী হোৱা অতুল বৰাই বিধায়কো হ’ল, কিন্তু হত্যাকাণ্ডক লৈ গোচৰ লোৱা চিআইডিৰ দলেহে বিষয়টো আকৌ চৰ্চালৈ আনিলে৷ ২০০৯ চনৰ ১২ ডিচেম্বৰত ঘৰ জ্বলাই দিয়া যোগদল হত্যাকাণ্ডৰ গোচৰক লৈ আটক কৰিলে সোণাপুৰ থানাৰ দুই তদন্তকাৰী বিষয়াক৷ সোধা পোচাৰ বাবে মতাই আনি চিআইডিয়ে আটক কৰা প্ৰণৱ ডেকা আৰু আব্দুল লতিফ মজুমদাৰ দুয়োজন আছিল হত্যাকাণ্ডৰ তদন্তকাৰী বিষয়া। ২০০৯ চনত সংঘটিত সেই ঘটনাত ৫ জন লোকক ডিঙি কাটি হত্যা কৰিছিল দুৰ্বৃত্তই। আনকি ঘৰ পৰ্যন্ত জ্বলাই দিয়া হৈছিল৷ হৰকান্ত দলে, স্বপ্না দলেসহ পাঁচজনক হত্যা কৰা এই ঘটনাক লৈ চৰ্চিত হৈছিল এজন কংগ্ৰেছ নেতাও৷ অৱশ্যে দুয়োজন আৰক্ষী বিষয়াক হত্যাকাণ্ডৰ তথ্য প্ৰমাণ নষ্টৰ অভিযোগত আটক কৰিছে চিআইডিয়ে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

*